30
Aug
2017

লিডুঃ তিনিচুকীয়া জিলাৰ লিডু ৰেল ষ্টেচনৰ সমীপটত আজি এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়৷
গুৱাহাটী অভিমুখী ইন্টাৰচিটি ৰেলখনৰ খুন্দাত নিপন চাংমা নামৰ এজন যুৱক দুৰ্ঘটনাগ্ৰস্ত হৈ গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ জানিব পৰা মতে যুৱকজনে নিজ কৰ্তব্যস্থলীৰ পৰা দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ৰেল আলি পাৰ হৈ ঘৰলৈ আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হয়৷
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱক জনক সংকটজনক অৱস্থাত মাৰ্ঘেৰিটাৰ অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।