fastnews
fastnews

নলবাৰীঃ নলবাৰী অময়াপুৰত আজি ৰাতিপুৱাৰ ভাগত এটা পথ দুৰ্ঘটনা সংঘটিত হয়৷ প্ৰাপ্ত তথ্য মতে, হাজো-নলবাৰী পথৰ অময়াপুৰৰ বামুন্দি চ'কত আজি  ৰাতিপুৱা ৮ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়৷

মাধাপুৰ গাঁৱৰ কৃষ্ণ তালুকদাৰ (৫৪) নামৰ ব্যক্তি গৰাকীয়ে চাইকেলেৰে নলবাৰী চহৰ মুখে আহি থকা অৱস্থাত একে দিশৰ পৰা তিব্ৰ বেগেৰে ছুইফ্ট ডিজিয়াৰ এখনে আহি খুন্দিওৱাৰ লগে লগে চাইকেল আৰোহী তালুকদাৰ বহু দুৰলৈ চিটিকি গুৰুতৰ বাবে আহক হয়৷

ইতিমধ্যে তীব্ৰ বেগেৰে অহা বগা ৰঙৰ ছুইফ্ট ডিজিয়াৰ খনে ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়৷ বাতৰি লিখা পৰলৈকে আৰক্ষীয়ে গাড়ীখন কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই৷

পিছত আঘাত প্ৰাপ্ত চাইকেল আৰোহী জনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজে চিকিৎসালয়লৈ লৈ যায়৷