07
Sep
2017

ৰঙিয়াঃ তীব্ৰ বেগী বাছৰ খুন্দাত এগৰাকী ছাত্ৰীৰ মৃত্যু হোৱাত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৰঙিয়াত। ৰঙিয়াৰ উদিয়ানাত এই ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হৈছে৷ বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত তীব্ৰবেগী বাছৰ খুন্দাত নাজমিন চুলতানা নামৰ অষ্টম মান শ্ৰেণীৰ এগৰাকী ছাত্ৰী থিতাতে নিহত হয়৷
আলহাতে সহপাঠী সংগিতা ইয়াছমিন নামৰ এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হয়৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ ক্ষুদ্ধ ৰাইজে ঘাইপথ অৱৰোধ কৰে প্ৰতিবাদ সাব্যস্ত কৰে৷