
গোৱালপাৰাঃ মন্ত্ৰীৰ-আমোলা-বিধায়কৰ কনভয় আৰু ভাৰত বৰ্ষ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। ভিআইপি সংস্কৃতিৰ বাবে বিখ্যাত আমাৰ দেশ ভাৰত। তাৰ মাজতে ৰাজ্যৰ বিধায়ক এগৰাকীৰ কনভয়ে কাঢ়ি নিলে যুৱকৰ প্ৰাণ। জানিব পৰা মতে বাঘেশ্বৰীত সংঘটিত হয় ভয়াবহ পথ দূৰ্ঘটনা৷
দূৰ্ঘটনাটোত বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ কনভয়ৰ খুন্দাত এজন যুৱক থিতাতে নিহত হয়৷ নিহত যুৱকজনৰ নাম ছাবেৰ আলী বুলি জানিব পৰা গৈছে। বিধায়ক মণ্ডলে গুৱাহাটীৰ পৰা গোৱালপাৰাৰ নিজৰ বাসগৃহলৈ গৈ থাকোঁতে এই ঘটনা সংঘটিত হয়।
দূৰ্ঘটনাটোত বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগতে বাহনখনত থকা আন দুজন লোকো কিছু পৰিমাণে আহত হয়। ৰাজ্যক জনপ্ৰতিনিধিৰ বাহনেৰে দূৰ্ঘটনা সংঘটিত কৰাত ৰাইজৰ নিৰাপত্তাকলৈ পুনৰ বাৰ প্ৰশ্ন উত্থাপিত হৈছে। উল্লেখনীয় যে NRCৰ শুনানিৰ বাবে গুৱাহাটীলৈ আহিছিল বিধায়ক আব্দুৰ ৰছিদ মণ্ডল।
তীব্ৰ বেগত চলাচল কৰা যান-বাহনক প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব নোৱাৰাত এনেদৰে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে ৰাইজে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে বিভিন্ন ঠাইত পথ দূৰ্ঘটনা সঘনে সংঘটিত হৈ আহিছে যদিও প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে সচেতন মহলে ক্ষোভ প্ৰকাশ কৰে৷
ইয়াৰ লগতে চালকসকলক নিয়ন্ত্ৰণ কৰা, অনুজ্ঞাপত্ৰ অবিহনে বাহনৰ চালক সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু উপযুক্ত স্থান কিছুমান চিনাক্ত কৰি গতিৰোধক নিৰ্মাণ কৰাৰ দাবী জনাই ৰাইজে৷