15
Nov
2017

কামপুৰঃ নগাঁ জিলাৰ কামপুৰ কঠীয়াতলী সংযোগী পথৰ বুকলুঙত পথ দুৰ্ঘটনা সংঘটিত হৈ দুজন লোক গুৰুতৰ ভাবে আহত হয়৷ পথৰ দাতিৰ পৰা AS-09-AC-2735 নম্বৰৰ এখন তীব্ৰ বেগী ট্ৰাক বাগৰি পৰাত লোক দুজন গুৰুতৰ ভাবে আহত হয়৷
ট্ৰাক খনৰ ভিতৰত আৱদ্ধ হৈ থকা চালক আৰু হেণ্ডিমেন বহু সময় গাড়ীৰ চিঞ্চৰ-বাখৰ কৰি থাকিব লগা হয়৷ পাছত স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে দুয়োজন লোককে সংকট জনক অৱস্থাত উদ্ধাৰ কৰি ১০৮ এম্বুলেঞ্চৰ জৰিয়তে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত দুজন কঠিয়াতলীৰ মন্টু দাস আৰু বৰহোলাৰ মহেশ দাস।