ৰঙিয়াঃ ৰঙিয়াৰ চহৰৰ সমীপৰ চেপ্তিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা সংঘটিত হৈ শিশু সহ ৪ গৰাকী লোক গুৰুতৰ ভাবে আহত হয়৷

জানিব পৰা মতে, ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত এখন তীব্ৰ বেগী ডিআই গাড়ীয়ে এখন মাৰুতি ভানক খুন্দিয়াই ডিআই গাড়ী খনে পলায়ণ কৰে৷ ফলত এবছৰীয়া কংকনা দাস, ৰুমামণি কলিতা (২৫), ভৱেশ কলিতা (৩০), দ্বীপজ্যোতি কলিতা (২৩) গুৰুতৰ ভাবে আহত হয়৷

স্থানীয় লোকে গুৰুতৰ ভাবে আহত আটাই কেইজনকে ৰঙিয়া সামূহিক চিকিৎসালয়ৰত ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়। একেটা পৰিয়ালৰ লোক কেইজনে ৰঙিয়াৰ কানিকুছিৰ নিজগৃহলৈ গৈ আছিল।