26
Oct
2018

ৰঙিয়াঃ ভূটান ৰাষ্ট্ৰীয় ঘাই পথটো সম্প্ৰতি পৰ্যৱসিত হৈছে কিলাৰ হাইৱেলৈ৷ এই পথছোৱাৰে নিয়ন্ত্ৰণহীনভৱে চলাচল কৰা ডাম্পাৰ আৰু সৰু-বৰ যান-বাহনৰ কাৰণে নিৰাপত্তা নোহোৱা হৈছে সাধাৰণ পথচাৰীৰ৷ আজি সন্ধিয়া উলুবৰীৰ পাৰ্বতী চ’কত এছ ডি চি ২২৪৮ নম্বৰৰ এখন ৰিকভাৰী ভানে দুজন পথচাৰী শ্ৰমিকক মহতিয়াই নিয়ে। ভানখনেও নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে৷ দুৰ্ঘটনাটোৰ ফলত এক নং বানগুৰি গাঁৱৰ কল্পৰাম কলিতা (৬৫) আৰু তেওঁৰ সহায়ক একে গাৱঁৰে সুৰেণ ৰাভা (৫০) থিতাতে নিহত হয়৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয় আৰু তামুলপুৰ থানাত খবৰ দিয়ে৷ আৰক্ষীয়ে ৰিকভাৰী ভানখন জব্দ কৰে যদিও চালকজনে ঘটনাস্থলীৰপৰা পলায়ন কৰে৷ উল্লেখ্য, যোৱা ২৪ অক্টোবৰৰ নিশা এই পথৰে দ্বাৰকুছিত ডাম্পাৰৰ খুন্দাত দুজন চফল যুৱকৰ মৃত্যু হৈছিল।