
newsnextone.com | নগাঁওঃ বৌদ্ধিক চহৰ নামৰে প্ৰসিদ্ধ নগাঁৱত বুধবাৰে মুকলি কৰা হয় ‘ওডিচি এক্টিং এণ্ড মিউজিক একাডেমী’ নামৰ এখন অভিনয়, সংগীত তথা সাংবাদিকতা শিক্ষা প্ৰতিষ্ঠান৷
কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৰণীয় দিন ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে এখন সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰে ওডিচি এক্টিং এণ্ড একাডেমীৰ সঞ্চালক বুন বৰাই৷
সংবাদমেলত নগাঁও চহৰত প্ৰাসংগিকতাৰ ওপৰত বিস্তৃতভাবে পৰ্যালোচনা আগবঢ়ায় অভিনেতা তথা একাডেমীখনৰ অন্যতম প্ৰশিক্ষক আতিকুৰ ৰহমানে৷ তেওঁ কয় যে একাডেমীখনত যিসকলে অভিনয় প্ৰশিক্ষণ ল’ব এবছৰৰ পিছত কৃতকাৰ্যতা লাভ কৰা প্ৰশিক্ষাৰ্থীসকলক জুৰিখ প্ৰডাকছনৰ বিভিন্ন কামত যোগ্যতা অনুসৰি সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি কয়৷
নগাঁওবাসী অভিনয় বাল পোৱা যুৱক-যুৱতীসকলকৰ বাবে একাডেমীত প্ৰতিষ্ঠিত প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰিব বুলি কয় আতিকুৰ ৰহমানে৷ প্ৰতি দুমাহৰ অন্তৰে অন্তৰে কলকতা ছবি জগতৰ অভিজ্ঞ একোজন ব্যক্তিয়ে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি কয়৷ তদুপৰি প্ৰতি মাহে অসমৰ একোজন চেলিব্ৰেটিৰ সৈতে বাৰ্তালাপৰ সুবিধা থাকিব৷
প্ৰতি দেওঁবাৰে এখনকৈ দেশী নতুবা বিদেশী ছবি সদস্যসকলৰ মাজত প্ৰদৰ্শন কৰা হ’ব৷ মূলতঃ ওডিচি এডুকেশ্বনেল ছ’চাইটিৰ অধীনত পৰিচালিত হ’বলগীয়া প্ৰতিষ্ঠানৰ অভিনয়, নৃত্য, সংগীত তথা ভিডিঅ’ এডিটিং তথা ভিডিঅ’ ফটোগ্ৰাফীৰো প্ৰশিক্ষণৰ ব্যৱস্থা ৰখা হৈছে৷ সদ্যহতে অভিনয়ৰ প্ৰশিক্ষণৰ আৰম্ভনি কৰা এই প্ৰতিষ্ঠানৰ নামভৰ্তিৰ প্ৰক্ৰিয়া মুকলি হোৱাৰ বিপৰীতে আগষ্ট মাহৰ পহিলা সপ্তাহৰ পৰা ক্লাছসমূহ শনি আৰু দেওঁবাৰে আৰম্ভ হ’ব৷ অভিনয়ৰ জৰিয়তে গ্লেমাৰ জগতত প্ৰবেশ কৰিব বিচৰাসকলৰ বাবে ৰাভা দিৱসৰ দিনটোতেই শুভাৰম্ভ হ’ল সংস্কৃতি আৰু অভিনয় জগতত এক নতুন দিগন্ত৷