27
Sep
2017

ৰঙিয়াঃ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত আইন শৃংখলাৰ ক্ষেত্ৰত ৰঙিয়া আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। যান-জঁটৰ পৰা ধৰ্মপ্ৰাণ ৰাইজ মূক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰঙিয়া আৰক্ষীয়ে যান-বাহন সমূহৰ ক্ষেত্ৰত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
দিনৰ তিনি বজাৰ পৰা পূজা মণ্ডপলৈ সংলগ্ন ৰঙিয়াৰ মূল পথ সমূহত চাৰিচকীয়া যান-বাহন সমূহ প্ৰবেশত বাধা আৰোপ কৰা হৈছে। আনহাতে ৰঙিয়া আৰক্ষীয়ে চহৰৰ মাজমজিয়াত কামৰূপ আৰক্ষীৰ সহযোগত এটা নিয়ন্ত্ৰণ কক্ষ আৰম্ভ কৰিছে।
পূজাৰ দিনকেইটাত যিকোনো অসুবিধাৰ বাবে ২৪ ঘন্টাই সক্ৰিয় হৈ থকা ৯৪৩৫৩ ৮০১৯৮/ ৯৪৩৫১২৫৮৯৯ নম্বৰত যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাইছে ৰঙিয়াৰ মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগুয়ে। আনহাতে ৰঙিয়া চহৰৰ মাজেৰে গধুৰ যান-বাহন আহ-যাহত পুৱা ১১ বজাৰ পৰা নিশা ১ বজালৈ নিষেধাজ্ঞা জাৰি কৰে স্থানীয় প্ৰশাসনে