
নগৰবেৰাঃ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ ড০ জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ আৰম্ভ হ’বলগীয়া হেল্থ কেয়াৰ ভকেশ্বনেল বিষয়ৰ পাঠদানৰ বাবে অতিৰুক্ত শ্ৰেণী কোঠাৰ আজি আধাৰশিলা স্থাপন কৰা হয়৷
গুৱাহাটীৰ ডাউনটাউন বিশ্ববিদ্যালয় উদ্যোগত বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতিচৰৰ শিক্ষানুষ্ঠান খনৰ হেল্থ কিয়াৰ ভকেশ্বনেল বিষয়ৰ পাঠদানৰ বাবে শ্ৰেণী কোঠা আৰু লেৱৰ্ৰেটৰী ৮,১০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব।
ডাউনটাউন বিশ্ববিদ্যালয়ৰ উন্নয়ন বিষয়া মুনতাজুৰ ৰহমানৰ উপস্থিতত আধাৰশিলা স্থাপন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ওৱাজউদ্দিন আহমেদে।
বিদ্যালয় খনৰ অধ্যক্ষ তথা বিশিষ্ট শিক্ষাবিধ এম আব্দুল মজিদ, কামৰূপ জিলা আপকু'ৰ সভাপতি আবুল কালাম আজাদ, দক্ষিণ বৰপেটা জিলা আমছুৰ সভাপতি আজিজুল হক, আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি জাফৰ আলী আহমেদৰ লগতে ভালেসংখ্যক গণ্য-মান্য লোক উপস্থিত থাকে আধাৰশিলা স্থাপন কাৰ্যসুচীত৷