নলবাৰীঃ আজি নলবাৰী সমষ্টিৰ অন্তৰ্গত বালামুগকুছি আৰু তিলানাত তিনিটাকৈ পেভাৰ ব্লক পথৰ (গ্ৰাম্য) আনুষ্ঠানিক ভাৱে স্থানীয় বিধায়ক অশোক কুমাৰ শৰ্মাই আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰা পথ কেইটা হৈছে- তিলানাৰ সুনন্দ কলিতাৰ ঘৰৰ দাঁতিৰ পৰা প্ৰদীপ ভঁৰালীৰ ঘৰৰ সন্মুখলৈ, বালামুগকুছিৰ নামঘৰৰ পৰা ভোলা ৰাম কলিতাৰ ঘৰৰ সন্মুখলৈ আৰু হাজো-নলবাৰী গড়কাপ্তানী পথৰ (দাঁতিৰ) মুগকুছিৰ পৰা হৰেণ শৰ্মাৰ ঘৰৰ সন্মুখলৈ যোৱা পথটো।

তদুপলক্ষে অনুষ্ঠিত সভা সমূহত বিধায়ক, স্থানীয় পঞ্চায়ত সভাপতি নলিনী কান্ত শীল, আঞ্চলিক সদস্যা উষা দেৱী, পঞ্চায়ত সচিব নিৰঞ্জন বৈশ্য, জিলা বিজেপিৰ উপ সভাপতি অপূৰ্ব শৰ্মা, মজদুৰ মৰ্চাৰ জিলা সভাপতি ধনেশ্বৰ ডেকা, অ বি চি মৰ্চাৰ জিলা সভাপতি ধনমণি দাস, পূব নলবাৰী মণ্ডল বিজেপিৰ সভাপতি জয়ৰাম বৰ্মন, সাধাৰণ সম্পাদক খগেন ডেকা, কোষাধ্যক্ষ কিশোৰ কলিতা, বিজেপি নেতা দিলিপ শৰ্মা, নাৰায়ণ বৈশ্য সহ বহু সংখ্যক ৰাইজ উপস্থিত থাকে।

সভা সমূহত বিধায়ক অশোক কুমাৰ শৰ্মাই কয়- সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰৰ ডেৰবছৰীয়া কাৰ্যকালত ৰাইজে সকলো দিশেই উন্নয়ন বিকাশৰ মুখ দেখিবলৈ সক্ষম হৈছে । বিগত কংগ্ৰেছৰ শাসন কালত  উন্নয়নৰ নামত আভুৱাভাৰা হে হৈছিল।

যাৰ ফলত গ্ৰাম্যাঞ্চলৰ ৰাইজে বিশেষকৈ যাতায়তৰ সমস্যাত ভুগি আছিল। কিন্তু এতিয়াৰ ৰাজ্য চৰকাৰে গ্ৰাম্য পথ সমূহ নিৰ্মাণৰ দিহা কৰিছে। মাথো ৰাইজে চৰকাৰ খনক সহযোগ কৰক।

তদুপৰি আমি বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই নলবাৰী সমষ্টিৰ উন্নয়ন বিকাশৰ বাবে কাম কৰি আছো। গতিকে ধৈৰ্য ধৰক সকলো দিশতে উন্নয়ন বিকাশ হ’ব। একেলগে সমষ্টিৰটোৰ কাম কৰিব নোৱাৰি সময় লাগিব।