
বিশ্বনাথ চাৰিআলিঃ ফেচবুকযোগে অপপ্ৰচাৰৰ সীমা নাই৷ এয়া ৰোধ কৰাৰ বাবে, বিশেষকৈ হিংসা-বিদ্বেষ বিয়পোৱা ধৰণৰ কথা-বতৰা, ছবি, ভিডিঅ' আদিৰ ওপৰত কঢ়া নজৰ ৰখাৰ বাবে ভালেমান ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংস্থাই বিভিন্ন সময়ত মাত মাতি আহিছে৷ ছ'চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি গুগলেও এই বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ আৰম্ভ কৰিছে৷
কিন্তু তাৰে এক বিপৰীত আৰু বেপেৰুৱা নজিৰ দাঙি ধৰিছে অসমৰ এগৰাকী নেতাই৷ উৰাবাতৰিত সাধাৰণ লোক ভোল যোৱাতো স্বাভাৱিক৷ কিন্তু ৰাইজৰ প্ৰতিনিধি এজনে কেনেদৰে বিশ্বাস কৰি ল’ব পাৰে এটা উৰাবাতৰিক৷ এয়া দৰাচলতে অজ্ঞতা নে উদ্দেশ্যপ্ৰণোদিত৷ এনেধৰণৰেই প্ৰশ্নৰ সন্মুখীন হৈছে সাংসদ আৰপি শৰ্মা৷
২০০৭ চনতে আদিবাসীৰ অধিকাৰৰ হৈ মাত মাতিবলৈ ৰাজধানী চহৰ দিছপুৰলৈ অহা যুৱতী লক্ষ্মী ওৰাং নিৰ্যাতিত হৈছিল বেলতলাত৷ দিন দুপৰতে ঘটা এই ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্যৰ সাধাৰণ জনতাৰ বিবেকক৷ মিনিটতে সমগ্ৰ দেশতে ৰাষ্ট্ৰ হৈ পৰিছিল এই ঘটনা৷
সেই নিৰ্যাতনৰ ফটোৱেই ব্যৱহাৰ কৰি পশ্চিমবংগত কংগ্ৰেছে হিন্দু মহিলাক মাৰধৰ কৰা বুলি ফেচবুকযোগে বিজেপি সমৰ্থকে কৰা প্ৰচাৰত ক্ষুব্ধ হৈ পৰিছে জনজাতীয় লোকসকল৷ দুৰ্ভাগ্যজনকভাৱে অসমৰে এজন সাংসদ আৰ পি শৰ্মাই এই পোষ্ট শ্বেয়াৰ কৰাত হতবাক হৈ পৰে সচেতন মহল৷
সাংসদগৰাকীয়ে এই কাৰ্য উদ্দেশ্যপ্ৰণোদিতভাৱে কৰা বুলি মত প্ৰকাশ কৰি বিশ্বনাথ জিলা আদিবাসী ছাত্ৰ সন্থা আজি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত৷ সাংসদগৰাকীক মানসিক বিকাৰগ্ৰস্ত আখ্যা দি সাংসদগৰাকী সহিতে উত্তৰ প্ৰদেশৰ সন্যাসী মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰতিকৃতিও দাহ কৰে সন্থাই৷ বিশ্বনাথ নগৰৰ মাজমজিয়াত দাহ কৰা হয় দুয়োগৰাকী নেতাৰ পুত্তলিকা৷
ইফালে ন্যায় বিচাৰি বিশ্বনাথ চাৰিআলিৰ ন্যায়িক দণ্ডাধীশৰ আদালতৰ দ্বাৰস্থ হৈছে ফেচবুকত পুনৰাই নিৰ্যাতিতা হোৱা বেলতলা কাণ্ডৰ ভুক্তভোগী লক্ষ্মী ওৰাং।