
newsnextone.com | নগাঁওঃ যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত আশা কৰা ধৰণে ফলাফল লাভ কৰে, তেতিয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মন অপৰিসীম উৎসাহ-আনন্দ তথা আৱেগেৰে ভৰি পৰে৷ সদ্যঘোষিত দুটা পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ অন্যান্য ঠাইৰ দৰে নগাঁও জিলাৰো সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে যথেষ্ট কৃতীত্ব সহকাৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে৷
এনে ফলাফলত স্বাভাবিকতেই সকলোৱেই উৎফুল্লিত হৈ পৰেছে যদিও জিলাখনৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা একাংশ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিক আৰু স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিবলৈ যাঁওতে একপ্ৰকাৰে বিপাঙত পৰিছে৷ কিয়নো বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত জিলাখনৰ বেবেজীয়া, জাজৰি, ৰাইদঙয়ীয়া, চকলাঘাট, কাছমাৰী, বৰচিলা, মাজগাঁও, কাকমাৰী, হাতীচোং, ভালুকমাৰী, দক্ষিণপাট, বৰক’লা, হাতীগড়, ঘাঁহী, ম’হমৰীয়া, শেনচোৱা, ডিমৌ, শেতালী অঞ্চল৷
জামুগুৰি, পেটবহা, তুলসীমুখ, ননৈ, ডাকৰঘাট, ধনীয়াভেটি, টুকটুকী, হাতীযুঁজোৱা আদি অঞ্চলৰ বহুসংখ্যক দুখীয়া পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে একমাত্ৰ আৰ্থিক দুৰৱস্থাৰ বাবেই উচ্চ শিক্ষাৰ কাৰণে নামভৰ্তিৰ বেলিকা থমকি ৰ’বলৈ বাধ্য হৈছে৷ উল্লেখ্য, একমাত্ৰ কৃষিকৰ্মৰে জীৱিকা নিৰ্বাহ কৰা বা দিন হাজিৰা তথা আন উপায়েৰে কোনোমতে দুবেলা দুসাজ খাই জীয়াই থকা এইসকল দুৰ্ভগীয়া পৰিয়ালে সম্প্ৰতি নিজৰ সন্তানৰ নামভৰ্তিৰ কথা ভাবি হাহকাৰ কৰিব লগা হৈছে৷
কোনোমতে হাইস্কুলীয়া পৰ্যায়ৰ পঢ়া-শুনাৰ অত্যাৱশ্যকীয় খৰছ-পাতি যোগান ধৰি আহিছিল যদিও দিনক দিনে অভাৱনীয়ভাবে বৃদ্ধি পাই অহা মহাবিদ্যালয় পৰ্যায়ৰ অতি দৰকাৰী যাৱতীয় খৰছ ধৰাৰ কথা চিন্তা কৰি এইসকল অভিভাবকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ একাংশ কৃষকে হাজাৰ বাধা নেওচি বহু কষ্টৰে কম পৰিমানে হ’লেও কৃষি শস্য উৎপাদন কৰি সন্তানৰ নামভৰ্তিৰ মাচুলৰ লগতে যাৱতীয় খৰছ-পাতি যোগান ধৰিব পাৰিব বুলি আশা পালি আছিল যদিও কৃষি উৎপাদিত সামগ্ৰীৰ উচিত দৰ নোপোৱাত আশাত চেঁচা পানী পৰিছে৷
কাজেই, অত্যাধিক পৰিমাণৰ ভৰ্তি মাচুল যোগান ধৰিবলৈ সক্ষম নোহোৱা বহু এনে ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ স্বপ্ন ইমানতে যৱনিকা পৰাৰ কথা ভাবি মানসিকভাবে ভাগি পৰিছে৷ দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি ককবকাই থকা জিলাখনৰ এনে বহু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লক্ষ্য আজি দুৰ্ভাগ্যজনকভাৱে ধূসৰ হৈ পৰিছে৷ কোনোবাই শিক্ষক, কোনোবাই অভিযন্তা, চিকিৎসক অথবা কোনোবাই এটি ডাঙৰ চাকৰি কৰাৰ যি হেঁপাহ মনতে পুহি ৰাখিছিল সেয়া একমাত্ৰ প্ৰয়োজনীয় অৰ্থৰ অভাৱত কলিতে মৰহি যোৱাৰ একপ্ৰকাৰে উপক্ৰম ঘটিছে৷ যদিহে এইসকল মেধাবী দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ বাবে অনিচ্ছাকৃতভাবে হ’লেও নামভৰ্তিৰ পৰা বঞ্চিত হোৱাটো একপ্ৰকাৰে খাটাং হৈ পৰিছে৷