গোৰেশ্বৰঃ ছিক্কিমৰ সুউচ্চ থিং চিং খাং শৃংগ সফলতাৰে আৰোহণ কৰা দলটোৱে শনিবাৰে পুৱাই গোৰেশ্বৰত উপস্থিত হয়৷ গোৰেশ্বৰ শিখৰ এডভেঞ্চাৰ ক্লাৱৰ নেতৃত্বত যোৱা দলটোক গোৰেশ্বৰত উপস্থিত হোৱাৰ পিছতে ৰাইজে উস্ম আদৰণি যাচে৷ টীম লিডাৰ জুলিমা ডেকাৰ নেতৃত্বত পূৰ্ণ ডেকা, মুনিন বড়ো, দিবাকৰ দাস আৰু ৰজিত বসুমতাৰীয়ে ২০,০১৩ ফুট উচ্চতাৰ থিংছিংখাং সফলতাৰে আৰোহণ কৰি গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্য খনলৈ৷

ৰাজ্যৰ পৰ্বতাৰোহনৰ ক্ষেত্র খনৰ বাবে এটি ভাল খবৰ। যোৱা ২ অক্টোবৰত গোৰেশ্বৰৰ পৰা ৰাওনা হোৱা শিখৰ এডভেঞ্চাৰ ক্লাৱৰ পৰ্বতাৰোহী দলটোৱে সফলতাৰে এই শৃংগ আৰোহণ কৰি শনিবাৰে গোৰেশ্বৰত উপস্থিত হয়। ক্লাৱৰ সদস্যৰ লগতে শুভাকাংক্ষী সকলে পৰ্বতাৰোহন অভিযান সফলতাৰে সামৰি অহা দলটোৰ প্ৰতিজনকে ফুলাম গামোচা পিন্ধাই উষ্ম আদৰণি জনায়।

পাঁচজনীয়া দলটোৰ চাৰিজনে যোৱা ১৫ অক্টোবৰত পুৱা ৭ বাজি ২০ মিনিটত এই শৃংগত ভৰি দিবলৈ সক্ষম হৈছিল। দলটোৱে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা, ক্লাৱৰ পতাকাৰ লগতে বিহুৱান আৰু আৰনাই থিংচিংখাং শৃংগত উৰুৱাই গৌৰৱান্বিত কৰে ৰাজ্যৰ পৰ্বতাৰোহীক। মুঠ ১৪ দিনত দলটোৱে এই শৃংগ আৰোহণ কৰিবলৈ সক্ষম হয়।

চিক্কিমৰ সুউচ্চ থিংছিংখাং শৃংগ আৰোহণৰ সময়ত প্ৰথমে প্ৰতিকূল বতৰৰ বাবে দলটোৱে কিছু অসুবিধাৰ সম্মখীন হৈছিল যদিও পৰবর্তী সময়ত বতৰৰে কিছু সকাহ দিয়ে আৰু সফলতাৰে শৃংগ আৰোহণ কৰিবলৈ দলটোৱে সক্ষম হয়। উল্লেখ্য যে বহুকেইটা প্ৰত্যাহ্বানৰো মুখামুখি হৈছিল পৰ্বতাৰোহী দলটো। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুু কল্যাণ বিভাগৰ বিশেষ সহযোগিতাত স্থানীয় জনপ্ৰতিনিধি আৰু ৰাইজৰ সহযোগত এই এক্সপিডিচনৰ আয়োজন কৰা হৈছিল। ক্ৰীড়াপ্ৰেমী ৰাইজে পৰ্বতাৰোহী দলটোলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছে।