ডিজিটেল ৰিপ'ৰ্টঃ আৰ এইছ খানৰ পিছতে এইবাৰ মুকলি আকাশৰ তললৈ আহিল এপিএছচি কেলেংকাৰীৰ মূল নায়ক হিচাপে সৰ্বত্ৰে চৰ্চা লাভ কৰা ৰাকেশ পালে। খানে অতিকমেও ৮ বছৰ জেইলত অতিবাহিত কৰিলে যদিও পালে মাত্ৰ কেইমাহমান বন্দী জীৱন কটাইয়েই পুনৰ স্বাধীন হৈ পৰে।

বুধবাৰে উচ্চতম ন্যায়ালয়ে পালৰ জামিন মঞ্জুৰ কৰাৰ পিছতে কুখ্যাত বিষয়াগৰাকীৰ ওঁঠত বিৰিঙি উঠে কুটিল হাঁহি।

উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰাৰ পিছত পালৰ অধিবক্তাই সৰ্বোচ্চ আদালতৰ কাষ চাপিছিল। কিন্তু পালৰ বিৰুদ্ধে চৰকাৰে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰিব নোৱাৰাৰ ফলত সৰ্বোচ্চ আদালতে জামিন মঞ্জুৰ কৰে।

অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালে জামিন লাভ কৰাৰ পিছতে পুনৰ বিতর্কৰ সৃষ্টি হৈছে ৰাজ্যত৷

লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰিত গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকা ৰাকেশ পালৰ বিৰুদ্ধে ৰুজু হৈ থকা কেইবাটাও গোচৰৰ ভিতৰত ২১ এপ্ৰিলত ধন লৈ চাকৰি নিদিয়াৰ অভিযোগৰ এটা গোচৰৰ জামিন লাভ কৰিছিল৷

আৰক্ষীয়ে ন্যায়ালয়ত জামিন নিদিবলৈ আবেদন জনাইছিল যদিও আজি ন্যায়ালয়ত জামিন লাভ কৰিবলৈ সক্ষম হয় চাকৰি কেলেংকাৰিৰ মূল খলনায়কজনে৷

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ ১০০০ কোটি টকা টকাৰ কেলেংকাৰীৰ মূল অভিযুক্ত আৰ এইছ খানে প্ৰায় ৮ বছৰ ৪ মাহ কাৰাবাসৰ অন্তত ১১ আগষ্টত জামিন লাভ কৰি মুকলি আকাশৰ তললৈ ওলাই অহাৰ এদিন পাছতে লোকসেৱা আয়োগৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পালেও মুকলি আকাশৰ তললৈ ওলাই অহাৰ সুযোগ লাভ কৰে৷

কংগ্ৰেছৰ কাৰ্যকালত সংঘটিত কেলেংকাৰীৰ গোচৰত অভিযুক্তই দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চৰ কথা কোৱা সৰ্বা চৰকাৰৰ চকুৰ সমুখতে এনেদৰে জেলৰ পৰা ওলাই আহিব ধৰাত ৰাজ্যৰ সচেতন মহল হতভম্ব হৈ পৰিছে।