Photo Credit: NDTV
Photo Credit: NDTV

ডিজিটেল ডেস্কঃ আনন্দত মতলীয়া হৈ নৈৰ বক্ষত ছেলফি উঠাৰ পিছতে কালে হৰি নিলে ৮ ছাত্ৰক। এই ঘটনাৰ স্থান নাগপুৰ। মহাৰাষ্ট্ৰৰ চহৰখনৰ মাজেৰে প্ৰৱাহিত ৱেনা নৈত আজি নৌকা বিহাৰত ব্যস্ত আছিল এটি ছা্ত্ৰ্ৰৰ দল।

তথ্য অনুসৰি কেবাজনো ছাত্ৰই সহপাঠীৰ জন্মদিন উদযাপন কৰিছিল। তদুপলক্ষে তেওঁলোকে ভাৰা কৰে এখন নাও। দীৰ্ঘসময় তেওঁলোকে আনন্দত মতলীয়া হৈ নদীৰ বুকুত ভ্ৰমণ কৰে।

সেইসময়তে ছাত্ৰসকলে আৰম্ভ কৰে ছেলফি তুলিবলৈ। নাৱৰীয়াই প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ছেলফিৰ বাবে হেতা-ওপৰা লগায়। সুকলমে অৱশ্যে ছেলফি লৈ ফেচবুকত তেওঁলোকে আপলোড কৰে।

পিছে ক্ষণিক পিছতে ঘটিল অঘটন। টুলুঙা নাও ভৰত কঁপি উঠাৰ ফলত থিতাতে পানীত ডুব যায়। এই ঘটনাত কথমপিহে ৰক্ষা পৰিছে এজন ছাত্ৰ আৰু দুই নাৱৰীয়া। তেওঁলোকৰ বাদে ৮জনকৈ ছাত্ৰ এইপৰ্যন্ত নিৰুদ্দিষ্ট।