ডিজিটেল ডেস্কঃ পুণৰ মত্যুৰ বিভীষিকা উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতালত৷ আগষ্ট মাহত উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতালত ৬৩গৰাকীকৈ শিশুৰ মৃত্যু হোৱাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ যোৱা ৪ দিনত ৬৯গৰাকী শিশুৰ মৃত্যু হয়৷ মাথো দুমাহ পুৰ্বে দেখা পোৱা এই ছবিখন দেশে পাহৰিব পৰা নাই৷

তাৰ মাজতে পুনৰ সৃষ্টি হোৱা বিভীষিকাত ৬৯গৰাকী শিশু মৃত্যু মুখত পৰে৷ চিকিৎসালয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে ভয়াৱহ হৈ পৰিছে উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বিআৰডি হস্পিতাল। প্ৰতিদিনে গড়ে ১২ৰ পৰা ২০টিকৈ শিশুৰ মৃত্যু হৈছে৷ ৭ অক্টোবৰত ১২টা, ৮ অক্টোবৰত ৮টা, ৯ অক্টোবৰত ১৮টা আৰু ১০ অক্টোবৰত ১৯টা  শিশুৰ মৃত্যু হয় গোৰখপুৰৰ বিআৰডি হস্পিতালত৷ বিআৰডি হস্পিতালৰ অধ্যক্ষ পি কে সিং বৃহস্পতিবাৰে জনোৱা মতে বিগত ২৪ ঘন্টাত ১৯ শিশুৰ মৃত্যু হৈছে যাৰ ভিতৰত ১৩টি পানী কেচুৱা৷

প্ৰায় সংখ্যক শিশুৰ মৃত্যু নিউমোনীয়া, এনকেফেলাইটিছ আদি ৰোগত৷ আগষ্ট মাহত বিআৰডি হস্পিতালৰ অক্সিজেন শেষ হোৱাৰ ফলত ৬৩গৰাকীকৈ শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই অক্সিজেনৰ অবাৱত শিশু মৃত্যু হোৱা নাই বুলি দাবী কৰি আহিছে৷ অক্সিজেন আৱন্টন দিয়া সংস্থাৰ বিৰুদ্ধে চিকিৎসালয় কৰ্তৃপক্ষই ইতিমধ্যে গোচৰ ৰুজু কৰে৷ তাৰ মাজতে অসমৰ বৰপেটা জিলাত যোৱা ৬০ ঘন্টাৰ ভিতৰত ১১ জনকৈ কেচুৱাৰ মৃত্যু হোৱাত অসমত গোৰখপুৰ কাণ্ড সংঘটিত হোৱা বুলি কয় একাংশ লোকে৷