লংকাঃ হোজাই বন সংমণ্ডলৰ অন্তৰ্গত হোজাইৰ হাৱাইপুৰত আজি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্যৰ৷ কিয়নো মৃত হাতীটোৰ দেহৰ পৰা উদ্ধাৰ হৈছে এটি বন্দুকৰ গুলীৰ দৰে সামগ্রী। হাতীটোৰ দেহত স্পষ্ট আঘাতৰ চিন থকাৰ প্ৰতি লক্ষ্য কৰি হাতীটো কোনোবাই হত্যা কৰিছে বুলি একাংশ স্থানীয় ৰাইজে মন্তব্য কৰিছে৷ 

আনহাতে আন একাংশই হাতীটো বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুবৰণ কৰা বুলি মতামত ব্যক্ত কৰিছে৷ হোজাই হাৱাইপুৰ গাঁৱৰ বীৰেন্দ্ৰ চৌহান নামৰ ব্যক্তিজনৰ বাৰীৰ পাছফালে থকা কুহিয়াৰ খেতিডৰাত উদ্ধাৰ হৈছে এই মৃত হাতীটো৷ হাতীটোৰ মৃত্যুৰ উপযুক্ত কাৰণ উদ্ধাৰ কৰিবলৈ চিকিৎসকে চেষ্টা অব্যাহত ৰাখিছে আৰু পৰীক্ষা নিৰীক্ষা চলাই আছে৷ 

একাংশ ৰাইজৰ মতে হাতীৰ উপদ্ৰৱৰ বাবে কুহিয়াৰ বাগানত সংযোগ কৰি ৰখা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি হাতীটোৰ মৃত্যু হৈছে যদিও হাতীটোৰ দেহত থকা আঘাত আৰু দেহৰ পৰা উদ্ধাৰ হোৱা বন্ধুকৰ গুলীৰ দৰে লোহাৰ সামগ্ৰী পোৱাৰ প্ৰতি লক্ষ্য কৰি বহুতে মানুহৰ অত্যাচাৰ হাতীটোৰ মৃত্যু হোৱা বুলি দাবী কৰিছে। মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত সমাধিস্থ কৰা হয়৷ 

উল্লেখ্য যে শনিবাৰে হোজাই জিলাৰ লামডিঙৰ পটু পথাৰত এটা বনৰীয়া হাতীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়া৷ উক্ত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি পুৱাই পুনৰ আন এটা হাতীৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ ৰহস্য৷

কি কাৰণে দুটা দিনৰ ভিতৰতে দুটাকৈ হাতীয়ে মৃত্যুক সাৱটি ল’লে, সেই বিষয়ে হোজাই বন বিভাগৰ হাততো উপযুক্ত তথ্য নাই৷ ইফালে হস্তী দিৱসৰ প্ৰাকক্ষণত হোজাইত এনেদৰে হাতীৰ মৃত্যুত প্ৰকৃতি প্ৰেমী সকলে উদ্বেগ প্ৰকাশ কৰিছে৷