
আমগুৰিঃ বানৰ কবলত উজনি-নামনি৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ তথা ইয়াৰ উপ-নৈ সমূহৰ জলস্তৰ বৃদ্ধি হোৱাত বাঢ়নি পানীয়ে ৰাজ্যৰ কেইবাখনো জিলাৰ বহু গাঁও বুৰাই পেলোৱাৰ ফলত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ ডিব্ৰুগড় জিলাৰ আমগুৰিৰ দিখৌমুখ, খনামুখ, ভদীয়াঘাট, মোকালনী, জকাইচুক আদি অঞ্চল যোৱা দুদিন ধৰি বানৰ কবলত পৰিছে।
দিখৌমুখৰ ৰূপহীমুখৰ বহুকেইখন গাঁৱৰ ৰাইজ এতিয়াও জলবন্দী হৈ আছে। বাঢ়নি পানীয়ে বুৰাই পেলাইছে দিখৌমুখৰ বহু ন’ ন’ অঞ্চল। আনহাতে মিতং নৈৰ বাঢ়নী পানীয়ে ভদীয়াঘাটৰ বহুকেইখন গাঁৱৰ একমাত্র যোগাযোগৰ সম্বল বাঁহৰ দলঙ এখন মিতং নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে৷ ৰাইজে নিজেই সাজি লৈছিল দলং খন। ভদীয়াঘাট অঞ্চলৰ মানুহৰ ঘৰ সম্প্ৰতি পানীৰ তলত।
বানত ডুবি থকা লোকসকলৰ খবৰ নোলোৱাত ক্ষোভিত হৈ পৰে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কৰ বিৰুদ্ধে। মিতং নৈ আৰু খৰখৰিজানৰ সংযোগস্থলত থকা শ্লুইচ গেট খনৰ ওপৰেৰে মিতং নৈৰ পানী বৈ যোৱাৰ ফলত শংকিত হৈ পৰিছে স্থানীয় গাঁও বাসী। মিতং নৈৰ পানীয়ে মথাউৰিৰ কেইবাটাও স্থান ইতিমধ্যে বুৰাই পেলোৱাত বালি আৰু মাটিৰ বস্তাৰে বাঢ়নি পানী ৰোধ কৰাৰ বাবে হাতে কামে লাগি পৰিছে স্থানীয় গাঁৱবাসী। মথাউৰিটোৰ এই পৰিস্থিতিয়ে আশংকা কঢ়িয়াই আনিছে শিমলুগুৰি আৰু জকাইচুকলৈ।