বৰপথাৰঃ ৰাজ্যত শাম কটা নাই বানৰ সংহাৰী ৰূপ৷ এইবাৰ পুনৰ বানৰ কৰাল গ্ৰাসত পৰিল কাৰ্বি আংলং জিলা৷ ধনশিৰি নৈৰ বাঢ়নী পানীয়ে কাৰ্বি আংলঙৰ বৰপথাৰৰ বিস্তৃত এলেকা জলমগ্ন কৰি তুলিছে৷

আজি পুৱাৰে পৰা ফেনে ফুটুকাৰে বাঢ়ি অহা ধনশিৰি নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ নগাখুলি, হলৌখোৱা,বৰগাঁও আদি পথৰ কেইবা স্থানৰ ওপৰেদি সুতি লোৱাত অঞ্চলটোৰ যাতায়ত ব্যহত হৈ পৰে৷

আনহাতে ক্ৰমাত বাঢ়ি অহা নৈৰ পানীৰ ধাৰাই বাৰী-ঘৰতো সোমাবলৈ আৰম্ভ কৰিছে বুলি জানিব পৰা হৈছে৷