
ধেমাজিঃ বানে ধোৱা ধেমাজিত পুনৰ বান৷ সমগ্ৰ ৰাজ্য জুৰি বছৰৰ দ্বিতীয়টো বানে ভাৰাক্ৰান্চত কৰাৰ পাছত এইবাৰ এজাক বৰষুনতে বানে গৰকিলে ধেমাজিৰ বুকু৷ দেওবাৰে নিশা হোৱা নেৰানেপেৰা বৰষুনৰ ফলত এতিয়া ধেমাজিৰ বৃস্তিত অঞ্চল প্লাবিত হৈ পৰা পৰিলক্ষিত হৈছে৷
উল্লেখ যে চিচিবৰগাঁও চাৰিআলিৰ পৰা আমগুৰি সংযোগী একমাত্ৰ পথটোত আজি এজাক বৰষুণতে পথৰ ওপৰেদি পানী বাগৰা অৱস্থা সৃষ্টি হয় আৰু লগতে প্ৰায় দহখনৰো অধিক গাওঁ পুনৰ ধোৱাই থৈ যায়৷ বিগত সময়চোৱাত গাইনদী, বেওঁৰা নৈ আদি নদী সমূহৰ মথাউৰি বিজ্ঞানসম্মত নিৰ্মাণ কৰা দাবীত চিচিবৰগাঁও অঞ্চলৰ জাতীয় সংগঠন সমূহে আন্দোলন কৰি অহা পিছতো জিলা প্ৰশাসনে গুৰুত্ব নিদিয়াত বাৰে বাৰে বানপানী সমস্যা সম্মুখীন হ'বলগীয়া হৈছে চিচিবৰগাঁও অঞ্চলৰ জনসাধাৰণ।
চৰকাৰ তথা ধেমাজি জিলা প্ৰশাসনৰ এনে দায়িত্বহীন কাণ্ডৰ কাৰণে চিচিবৰগাঁও অঞ্চলৰ ৰাইজৰ লগতে চিচিবৰগাঁও আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
আনহাতে ছাত্ৰ সংগঠনটোৰ আঞ্চলিক সমিতিৰ সভাপতি মিন্টু ভূঞা আৰু সম্পাদকদ্বয় বাবু চুতীয়া আৰু পুনানন্দ চুতীয়াই জিলা প্ৰশাসনে বানাক্ৰান্ত সকলক বানপানী সমস্যাৰ পৰা মুক্ত কৰিবৰ কাৰণে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ অন্যথা অনাগত সময়ত ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলিও ভাবুকি প্ৰদান কৰে সংগঠনটোৰ নেতৃবৃন্দই।