মাৰ্ঘেৰিটা/লিডুঃ যোৱা ০৮ মাৰ্চত তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত পাটকাই পাহাৰৰ লালমাটি শিলটপত কয়লা কঢ়িওৱা গাড়ীৰ চেপাত প্ৰাণ গৈছিল চাহে বংতাই নামৰ এগৰাকী মহিলাৰ৷ মহিলাগৰাকীয়ে পাটকাই পাহাৰৰ শিলটপত গাড়ীৰ পৰা পৰি যোৱা কয়লা, পাহাৰত শুকান গছৰ ডাল সংগ্ৰহ কৰিবলৈ যাওঁতে পাহাৰৰ পৰা বাগৰি অহা শিলৰ খুন্দাত মহিলাগৰাকী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থিতাতে মৃত্যু হয়৷ 

ডাম্পাৰেৰে চোৰাং কয়লা সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে ডাম্পাৰৰ পৰা ছিটিকি পৰা কয়লাৰ খুন্দাত খহি অহা শিল গাত পৰি এই কাণ্ড সংঘটিত হৈছিল৷ মহিলাগৰাকী আছিল দৰিদ্ৰ পৰিয়ালৰ৷ দৰিদ্ৰ পৰিয়ালৰ মহিলাৰ হোৱাৰ ফলতেই কয়লা কঢ়িওৱা গাড়ীৰ বিৰুদ্ধে কোনো তদন্ত কৰা নহ’ল৷ দল-সংগঠনেও মাত এষাৰ নিদিলে৷ একো একোটা অঞ্চলৰ পাহাৰ কেইখনৰ পৰা সেই অঞ্চলৰ লোকসকলে শুকান খৰি বিচাৰি ভাত খাজৰ বাবে শুকান খৰি যোগাৰ কৰে৷

গছৰ ডাল ভাঙি তলত পৰি থকা শুকান ডাল বিচাৰি যোৱা লোকসকলে একো একোখন পাহাৰ সুৰক্ষিত কৰি ৰাখে৷ কিন্তু এতিয়া সেই অধিকাৰ হেৰুৱাই পেলাইছে তিনিচুকীয়া জিলাৰ লিডু এলেকাৰ থলুৱাই৷ কিয়নো পাহাৰত এতিয়া টকাৰ বজাৰ বহে৷ থলুৱা লোকৰ অধিকাৰ কাঢ়ি নি ভিআইপি লোকৰ গাডী দৌৰে পাহাৰত৷ থলুৱা লোকৰ অধিকাৰ হনন কৰি নিতৌ লাখ লাখ টকা উপাৰ্জন কৰে পুঁজিপতিয়ে৷ কিন্তু দৰিদ্ৰই এসাজ ভাতৰ বাবে শুকান খৰি বিচাৰি হাহাকাৰ কৰিব লগা হয়৷ 

কয়লা কঢ়িওৱা গাড়ীৰ চেপাত চাহে বংতাই নামৰ মহিলাগৰাকীৰ এই কাণ্ড সংঘটিত হোৱাৰ এমাহ হ’ল৷ কিন্তু পৰিৱেশ সলনি নহ’ল৷ সুৰক্ষিত নহ’ল দৰিদ্ৰ৷ পাহাৰৰ দাতিৰ গাঁও সমূহৰ লোকসকলে জীৱন ধাৰণৰ বাবে চৰকাৰে দিব লগা সুবিধা প্ৰদান কৰিব নোৱাৰিলে৷ ভাত সাজৰ বাবে পাহাৰত খৰি বিচাৰি যাব লগা হয়৷ দেশৰ সংবিধানে দিয়া অধিকাৰ আজি থলুৱাই হেৰুৱাই পেলাইছে৷

দুৰ্ঘটনাত পতিত হৈ লিডুৰ এক নং মোলং পাহাৰৰ নিবাসী চাহে বংতাইৰ মৃত্যু হোৱাৰ এমাহ পিছত কয়লা খনন কৰা গাড়ীয়ে আকৌ প্ৰাণ ললে এগৰাকী লোকৰ৷ 
তিনিচুকীয়া জিলাৰ লিডু আৰক্ষী চকীৰ অন্তৰ্গত টিৰাপ কলিয়ৰীৰ সংৰক্ষিত এলেকাত বুধবাৰে দ্ৰোজাৰৰ খুন্দাত প্ৰাণ গ’ল তেৰং হাখুন নামৰ ৬০ বছৰীয়া এগৰাকী লোকৰ৷ লিডুৰ এক নং মোলং গাঁৱৰ বাসিন্দা আছিল তেওঁ৷ 

মাৰ্ঘেৰিটাৰ উত্তৰ পূব কয়লা ক্ষেত্ৰৰ অধিনৰ বিজিআৰ মাইনিং কোম্পানীৰ দ্ৰোজাৰে পথৰ দাতিৰে খোজকাঢ়ি আহি থকা লোকজনক মহতিয়াই নিয়ে৷ জানিব পৰা মতে লোকজনে নিজ বাসগৃহৰ পৰা বজাৰলৈ আহি আছিল৷ বিজিআৰ মাইনিং কোম্পানীৰ দ্ৰোজাৰ গাড়ীৰ খুন্দাত লোকজনৰ মৃত্যু হোৱাৰ পিছতেই ৰাইজ উত্তেজিত হৈ গাড়ী খন জ্বলাই দিয়ে৷

মাইনিং কোম্পানীৰ দ্ৰোজাৰৰ চালকজনে সুৰাৰ ৰাগীত মাতাল হৈ আছিল বুলি জানিব পৰা যায়৷ ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পাছতেই লিডু এক নং মোলং গাঁৱৰ শতাধিক পুৰুষ মহিলাই মাইনিং কোম্পানীৰ গাড়ী খন জব্দ কৰি জ্বলাই দিয়াত সমগ্ৰ এলেকাটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ 

কেইটামান দিনৰ ভিতৰতে দুজনকৈ লোকৰ প্ৰাণ লোৱাৰ পিছতেই ৰাইজে এই আতংকৰ পৰা কেতিয়া ৰক্ষা পাম বুলি প্ৰশ্ন উত্থাপন কৰে৷ থলুৱা লোকসকলৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন কৰিছে৷ একাশ লোকে এয়া দৰিদ্ৰ নিধন যজ্ঞ বুলি কয়৷ দৰিদ্ৰৰ জীৱনৰ মূল্যহীন বাবেই গাড়ীৰে খুন্দিয়াই নিহত কৰিব পাৰে যদিও ধৰোতা কোনা নাই বুলি একাংশ লোকে আক্ষেপ কৰে৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি মাৰ্ঘেৰিটা লিডু আদি অঞ্চলটোত চোৰাং কয়লা ব্যৱসায়ৰ বিৰুদ্ধে চিআইডি তদন্তৰ ঘোষণা কৰিছিল যদিও চিআইডিৰ তদন্ত চলি থকাৰ সত্বেও লিডুত কয়লা খনন অব্যাহত আছে৷ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ আপোন মানুহ বুলি দম্ভালি মাৰি এচাম লোকে মুখ্যমন্ত্ৰীৰ ঘোষণাক বুঢ়া আঙুলি দেখুৱাই কয়লাৰ অবৈধ খনন অব্যাহত ৰাখিছে৷

প্ৰশ্ন হয়, মুখ্য মন্ত্ৰীৰ নিৰ্দেশ আৰু চি আই ডিৰ তদন্ত চলি থকাৰ মাজতো চোৰাং কয়লাৰ বেপাৰীসকলে কাৰ সাহসত পাটকাই পৰ্বতমালাৰ প্ৰাকৃতিক ভাৰসাম্য ধ্বংস কৰি আহিছে৷ এই ক’লা বজাৰখন চলাইছে কোনে? ৰাজহ ফাঁকিৰে ক’লাধনৰ পাহাৰ গঢ়া একাংশ কয়লা মাফিয়াই সমগ্ৰ ঘটনাক গাপ দিবৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ 

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত লাখ লাখ টকাৰ অবৈধ কয়লাৰ ব্যৱসায় অব্যাহত আছে৷ চোৰাং কয়লাৰ ব্যৱসায়কলৈ বিভিন্ন মহলে দাবী উত্থাপন অহাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিয়ে প্ৰতিবাদ কৰি আহিছে যদিও একাংশ লোকে চলাই আহিছে চোৰাং বেহা।