আমগুৰিঃ চোৰ যদি পাতে পাতে পুলিচেও কম নহয়৷ পুলিচ আকৌ পাতে পাতে৷ চোৰ যিমানে দস্যু নহওক কিয় আৰক্ষীৰ ইচ্ছা থাকিলে তেনে চোৰ পলাব ক’ত৷ ডালে ডালে ঘুৰা চোৰক অৱশেষত আৰক্ষীৰ জালত পৰিল৷ আন ৰাজ্যৰ আৰক্ষী নহয় অসম আৰক্ষীৰে লোকে চোৰ ধৰিবলৈ সক্ষম নহয়। স্নিফাৰ ডগ বিফল হয় তাত সফল হ’ল অসম আৰক্ষী।

দুধুৰ্ষ চোৰক আটক কৰি বাঃ বাঃ লবলৈ সক্ষম হয় অসম আৰক্ষী। চোৰৰ পৰা উদ্ধাৰ কৰিলে ১২ টা ম'বাইল হেণ্ডছেট আৰু এটা লেপটপ। যোৱা ৩ ডিচেম্বৰত শিৱসাগৰ জিলাৰ আমগুৰি নগৰত পুৱতি নিশা ইনফ স্পেছ নামৰ এখন মোবাইল দোকান চুৰি হয়৷ চোৰে প্ৰতিষ্ঠানটোৰ পৰা লুটি নিছিল প্ৰায় সাত লক্ষাধিক টকাৰ মবাইল হেণ্ডছেট আৰু লেপটপ।

৪০ টাকৈ ম'বাইল আৰু এটা লেপটপ নিয়াৰ পিছতে চোৰক ধৰিবলৈ তৎপৰ হৈ পৰিছিল আৰক্ষী। আমগুৰি আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায় লৈছিল যদিও স্নিফাৰে চোৰৰ শুংসূত্ৰ দিব নোৱৰিলে৷ কিন্তু সদায়েই সমালোচনাৰ সন্মুখীন হৈ অহা শিৱসাগৰ আৰক্ষী বহি নাথাকিল। তীব্ৰ অভিযানৰ অন্তত আমগুৰি আৰক্ষীয়ে এক যুটীয়া অভিযানত গোপন সূত্ৰৰ পম খেদি ১নং ফৰকাটিং তিৰুৱাল গাঁৱৰ দুধুৰ্ষ চোৰ কুৰবান আলিক গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ মৌখোৱা মুদৈপথাৰৰ শহুৰেকৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

গ্ৰেপ্তাৰৰ পাছতে কোৰবানৰ নিজা বাসগৃহৰ পৰা ৬টা আৰু শহুৰেকৰ ঘৰৰ পৰা আন ৬টা ম'বাইল হেণ্ডছেট আৰু এটা লেপটপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আমগুলি কেইবাগৰাকী পূৰ্বৰ চুৰি কাৰ্যৰ সৈতে জড়িত লোকৰ সৈতে কথা-বতৰা পাতি৷ আৰক্ষীয়ে সন্দেহ কৰা সকলো বিলাকক লগ পাইছিল যদিও ১নং ফৰকাটিং তিৰুৱাল গাঁৱৰ দুধুৰ্ষ চোৰ কুৰবান আলিক লগ পোৱা নাছিল৷ আৰক্ষীয়ে চুৰি হোৱাৰ নিশাৰ পৰ কোৰবান আলি ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা বুলি অৱগত হয়৷

তাৰ পিছতে পিছা কৰে কোৰবানৰ৷ অৱশেষত শহুৰৰ ঘৰত গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ মৌখোৱা মুদৈপথাৰৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, চোৰটোৰ এই কাৰ্যত সহায় কৰিছিল তেওঁৰেই ভিনিহিয়েক তথা শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ আন এটা দুধুৰ্ষ চোৰ সমীৰ আলিয়ে। স্থানীয় ৰাইজ তথা চুৰি কাৰ্য সংঘটিত হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অৰুণ বৰুৱাই আৰক্ষীৰ তৎপৰতাত সন্তুষ্টি প্ৰকাশ কৰিছে।

ধাৰাবাহিকভাৱে আমগুৰি নগৰত হৈ থকা চুৰি কাৰ্যৰ সৈতে জড়িত চোৰৰ দলটোক গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ বাবে আমগুৰি আৰক্ষী সমালোচনাৰ সন্মুখীন হৈ আহিছিল। কিন্তু শেহতীয়াকৈ আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু তদন্তকাৰী বিষয়াগৰাকীৰ কৌশলৰ বাবেই চোৰৰ দলটোৰ সদস্য জালত পৰে। আৰক্ষীয়ে চোৰৰ দলটোত আৰু বহুকেইজন সদস্য থকা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু গ্ৰেপ্তাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে।