
newsnextone.com | নগাঁওঃ অসম আন্দোলনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠা হোৱা অসম গণ পৰিষদ দলে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ উজনি-নামনিত দলটোৰ বিভিন্ন জিলা সমিতি, আঞ্চলিত সমিতিয়ে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি বিধেয়কৰ বিৰোধিতা কৰি আহিছে৷ বিজেপিৰ সৈতে একেলগে মিত্ৰজোঁটৰ চৰকাৰ চলাই থকাৰ পিছতো দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰি গৈছে বিধেয়কৰ বিৰুদ্ধে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অসমত মতামত লবলৈ অহাৰ সময়ত যুটীয়া সংসদীয় সমিতিক দলে বলে গৈ দলটোৰ নেতাসকলে বিধেয়কৰ বিৰুদ্ধে মত দিয়ে৷
সমানে ৰাজ্যজুৰি গণ স্বাক্ষৰ সংগ্ৰহ কৰি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, যুটীয়া সংসদীয় সমিতি আৰু মুখ্যমন্ত্ৰীক প্ৰদান কৰি আহিছে৷ ৰাজপথৰ দাতিত বহি, ৰাজহুৱা স্থানত দলটোৱে বাটৰুৱা, ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী আদিৰ পৰা আজিও স্বাক্ষৰ সংগ্ৰহ কৰি আহিছে৷ 'আহ ঐ আহ, গণ স্বাক্ষৰ কৰিবলৈ ওলাই আহ, আহ ঐ আহ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গণ স্বাক্ষৰ কৰিবলৈ ওলাই আহ' শ্ল’গানেৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁও জিলাতো স্বাক্ষৰ সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে দলটোৱে৷
যোৱা দুদিন ধৰি দলটোৱে বটদ্ৰৱা সমষ্টিৰ বিভিন্ন প্ৰান্তত স্বাক্ষৰ সংগ্ৰহ কৰি আহিছে৷ কটহগুৰি বজাৰত অগপৰ বটদ্ৰৱা সমষ্টি সমিতি আৰু কটহগুৰি আঞ্চলিক সমিতিয়ে কটহগুৰি বজাৰত সাধাৰণ জনতাৰ গণ স্বাক্ষৰ সংগ্ৰহ কৰে। উল্লেখ্য যে, সমগ্ৰ ৰাজ্যখনতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধীতা কৰি বিভিন্ন দল-সংগঠনে বিভিন্ন কৰ্যসূচী গ্ৰহণ কৰাৰ মাজতে ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত সমগ্ৰ ৰাজ্যখনতে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছে।
বটদ্ৰৱা সমষ্টিৰ অগপ নেতা-কৰ্মীসকলেও বিধেয়ক খনৰ বিৰুদ্ধে সমষ্টিটোৰ বিভিন্ন ৰাজহুৱা স্থানত গণস্বাক্ষৰ কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে। জানিব পৰা মতে, সমষ্টিটোৰ জ্যেষ্ঠ নেত্রী তথা কেন্দ্ৰীয় নেত্রী মামনি বৰা, নেতা ৰঞ্জন বৰা, বটদ্ৰৱা সমষ্টিৰ সহঃ সম্পাদক জগত শইকীয়া, ৰিয়াজ উদ্দিন আহমেদ, বটদ্ৰৱা সমষ্টি সমিতিৰ যুটীয়া সম্পাদক হেদায়ত উল্লাহ, অগপৰ কটহগুৰি আঞ্চলিকৰ সভাপতি মাজিদুল হক, সধাৰণ সম্পাদক ইক্রামুল হুছেইনে জনতাৰ স্বাক্ষৰ সংগ্ৰহ কৰে।অভিযানত দল মত নিৰ্বিশেষ সকলোৰে সমৰ্থন লাভ কৰা পৰিলক্ষিত হয়।