
নতুন দিল্লীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰে মিত্ৰতা ভংগ কৰিলে অগপই। সোমবাৰে নতুন দিল্লীত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ অংশীদাৰ অগপৰ ৩ মন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাতৰ পিছতে এই সিদ্ধান্ত চূড়ান্ত কৰে।
গৃহমন্ত্ৰীগৰাকীৰ সৈতে হোৱা বৈঠকৰ পিছতে অগপৰ নেতা তথা কৃষি মন্ত্ৰী অতুল বৰাই সাংবাদিকৰ আগত কয় যে ইমানৰ পিছতো চৰকাৰত থকাতো তেওঁলোকৰ পক্ষে সম্ভৱ নহয়। দলটোৰ ৩মন্ত্ৰীয়ে পদত্যাগ কৰিব বুলিও সাংবাদিকসকলক জানিবলৈ দিয়ে বৰাই।
'অগপৰ স্থিতি সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীক আমি সবিশেষ অৱগত কৰো। তেওঁ আমাক জানিবলৈ দিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন এইকেইদিনতে লোকসভাত গৃহীত কৰা হ'ব।'-বৰাই কয়।
তেওঁ আৰু কয় যে অগপই চৰকাৰত থাকি জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুঁজ কৰিব বিচাৰিছিল যদিও বিজেপিয়ে বিষয়টোত কোনো গুৰুত্বই প্ৰদান নকৰিলে। 'আমি ভিতৰৰ পৰাই যুঁজ অব্যাহত ৰাখিছিলো। বিজেপিয়ে আমাৰ কথা নুশুনিলে। গতিকে আমি মিত্ৰতা অব্যাহত ৰখাতো আমাৰ পক্ষে সম্ভন নহয়। কিয়নো অগপ সদায় জাতিৰ ওচৰত দায়ৱদ্ধ।'-বৰাৰ মন্তব্য।
উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিয়ে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে যি স্থিতি গ্ৰহণ কৰি আহিছে তাৰ বিৰুদ্ধে বিগত বৰ্ষৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৰাজ্যবাসীয়ে। অসমবাসীৰ প্ৰতিবাদকো নেওচি জেপিচিয়ে বিধেয়কখনৰ সমৰ্থনত মত প্ৰকাশ কৰাৰ পিছতে নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই পুনৰ উত্তাল হৈ পৰে ৰাজ্য।
সোমবাৰে ৭০টাকৈ দল-সংগঠনে ক'লা পতাকা উত্তোলনেৰে ঘৃণা দিৱস পালন কৰাৰ লগতে দিল্লীৰ ৰাজপথত উলংগ প্ৰতিবাদ সাব্যস্ত কৰে। এনে প্ৰতিবাদ সত্বেও অগপই মিত্ৰতা ভংগ নকৰাত সকলোৱে দলটোক কাঠগৰাতো থিয় কৰোৱা পৰিলক্ষিত হৈছিল।
ইয়াৰ মাজতে আজি বিয়লি ৩ বছৰীয়া মিত্ৰতা ভংগৰ কথা ঘোষণা কৰে অগপ নেতৃত্বই। এই ঘোষণাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত দেখা গৈছে নতুন মোৰ। জাতীয় দল-সংগঠনসমূহে অগপৰ উক্ত সিদ্ধান্তক আদৰণি জনাই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে একেলগে সংগ্ৰাম অব্যাহত ৰাখিবলৈকো দলীয় নেতৃত্বক আহ্বান জনাইছে।