ডিব্ৰুগড়ঃ অসম গণ পৰিষদে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব৷ নীতিৰ পৰা অাঁতৰি নাহে অগপ৷ এই মন্তব্য অসম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জী কোম্পানীৰ অধ্যক্ষ তথা অগপৰ ডিব্ৰুগড় জিলাৰ সভাপতি পোনাকন বৰুৱাৰ৷ 

শনিবাৰে চাবুৱা সমষ্টিৰ পুলুঙা গাঁও পঞ্চায়ত, জেৰাই গাঁও পঞ্চায়ত, দিনজয় গাঁও পঞ্চায়ত, বিন্ধাকটা পঞ্চায়ত, হাতীঅালি পঞ্চায়ত, নাদুৱা পঞ্চায়ত, ডিকম গাঁও পঞ্চায়তত অসম গণ পৰিষদে পঞ্চায়ত নিৰ্বাচনৰ বাবে জাতীয় চেতনা আৰু জাগৰণ যাত্রাত অংশ লৈ অধ্যক্ষগৰাকীয়ে এই মন্তব্য আগবঢ়ায়৷ 

পোনাকন বৰুৱাই আৰু কয়, আগন্তুক পঞ্চায়ত নিৰ্বাচনত অসম গণ পৰিষদ দলে অধিক অাসন লাভ কৰিলে চাবুৱাৰ সমষ্টি পথৰ উন্নয়ন কৰা হ'ব৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত দুৰ্নীতি উৎখাত কৰাৰ লগতে চাবুৱা সমষ্টিৰ সমস্যা সমাধান কৰা হ'ব৷ 

শনিবাৰে চাবুৱাৰ ডিকম গাঁও পঞ্চায়তত অসম গণ পৰিষদ দলে পঞ্চায়ত নিৰ্বাচন অভিযান অাৰু জাতীয় চেতনা জাগৰণ যাত্রা সভাত ভাষন প্ৰদান কৰি অধ্যক্ষগৰাকীয়ে অসম চুক্তিৰ অাধাৰত এনাঅাৰচি প্ৰস্তত, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা অাদি অগপৰ নীতিৰ পৰা অাঁতৰি নাহে বুলি উল্লেখ কৰে৷ 

ৰাজহুৱা সভাত উপস্থিত থাকি অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাঃ সম্পাদক প্ৰাঞ্জল ৰাজ খনিকৰে চাবুৱা সমষ্টি ৰাইজক পঞ্চায়ত নিৰ্বাচনত বেলট পেপাৰৰ জৰিয়তে বিজেপিক প্ৰত্যুওৰ দিবলৈ অাহ্বান জনায়৷ 

অসম গণ পৰিষদ দলক মিত্রজোঁট চৰকাৰৰ পৰা অাঁতৰি অহাৰো অাহ্বান জনাই অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে৷ চাবুৱাৰ বিধায়কক প্ৰত্যাহ্বান জনায় কয় যে, অামি অসমীয়া জাতীক বিক্ৰী কৰিবলৈ যোৱা নাই যদি বিনোদ হাজৰিকাৰ সাহস অাছে তেন্তে হিন্দু-বাংলাদেশী বিৰুদ্ধে সদনত মাত মাতি দেখুৱাক বুলি কটাক্ষ কৰে৷  

ৰাজহুৱা সভাত ডিব্ৰুগড় জিলাৰ উপ-সভাপতি টুলটুল হুছেইন, তাৰানাথ বঢ়াগোহাঁই, কেন্দ্ৰীয় পৰ্যবেক্ষক দিগন্ত শইকীয়া, কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য স্বপন মজুমদাৰ, মনোজ দিহিঙ্গীয়া, প্ৰভাত চাহু, অসম যুৱ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক অৰুণ জ্যোতি চুতীয়া, অসম যুৱ পৰিষদৰ চাবুৱা সমষ্টিৰ সভাপতি নিপুল কোৱঁৰ, ৰাহুল দাস, পূৰ্ণিমা চেতিয়া, গকুল চেতিয়া  উপস্থিত থাকে৷