
ৰঙিয়াঃ ৰাজ্য চৰকাৰ সিদ্ধান্তক উভতি ধৰিলে মিত্ৰজোঁটৰ চৰকাৰৰ অংশীদাৰি দল অগপৰ নেতাই৷ ৰাজ্য চৰকাৰে সমবায় উদ্যোগ বন্ধ কৰাৰ বাবে লোৱা সিদ্ধান্তক সমালোচনা কৰে অগপ নেতা প্ৰাক্তন মন্ত্ৰী নুৰুল হুছেইনে৷ মঙলবাৰে ৰঙিয়াত এ'পল বন্ধ কৰি ৰখা কাৰ্যৰ বিৰুদ্ধে সংবাদ মেল অনুষ্ঠিত কৰি প্ৰাক্তন সমবায় মন্ত্ৰী নুৰুল হুছেইন ৰাজ্য চৰকাৰৰ সিদ্ধান্তক পুনৰ বিচাৰ কৰাৰ আহ্বান জনায়৷
ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমবায় পৰ্যায়ৰ উদ্যোগসমূহ বন্ধ কৰাৰ কথা কোৱাৰ পিছতেই ৰঙিয়াত প্ৰাক্তন সমবায় মন্ত্ৰী নুৰুল হুছেইনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদমেল অনুষ্ঠিত কৰে। ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ ডাক বঙলাত অনুষ্ঠিত কৰা সংবাদমেলত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে উদ্যোগ সমুহ বন্ধ কৰি দিব বিছৰা সিদ্ধান্তৰ ফলত বহু লোকে কৰ্ম সংস্থাপন হেৰুৱাব লগা হৈছে বুলি কয়।
বিশেষকৈ ৰঙিয়া তুলসীবাৰীস্থ এ’পল মিল পুনজ্জীৱিত কৰাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা লোৱাটো অতি প্ৰয়োজন বুলি হুছেইনে উল্লেখ কৰে। আনহাতে অগপ চৰকাৰে উত্তৰ পূৱৰ একমাত্ৰ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ এ'পল মিলটো যেনেধৰনে বহু আশা কৰি আৰম্ভ কৰিছিল, পিছলৈ কিন্তু সেই আশা অকল ৰঙিয়াবাসীৰে নহয় সমগ্ৰ অসমৰ জনসাধৰণৰ মাজৰপৰা নাইকিয়া কৰা বুলি কংগ্ৰেছ চৰকাৰক সমালোচনা কৰে।
ৰঙিয়া এ'পল মিল, জাগিৰোডৰ কাগজ ক'ল' আমিনগাঁৱৰ তৃপ্তি আদিকে কৰি কেইবাটাও সমবায় খণ্ডৰ উদ্যোগ কংগ্ৰেছ চৰকাৰৰ দিনত বন্ধ হৈ পৰাৰ ফলত বহু কৰ্মচাৰীয়ে কৰ্মসংস্থাপন হেৰুৱাব লগা হোৱা বুলি কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷ যাৰ ফলত শ্ৰমিক-কৰ্মচাৰীক পৰিয়াল সমূহৰ পানীত হাঁহ নচৰা অৱস্থা হৈ পৰিছে বুলি হুছেইনে আক্ষেপ কৰে।
বিজেপি, অগপ আৰু বিপিএফ দলৰ মিত্ৰজোঁটৰ চৰকাৰখনে এনে সমস্যা সমূহক গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে লোৱা সিদ্ধান্ত বাতিল কৰি উদ্যোগ সমূহ পুনজ্জীৱিত কৰাৰ বাবে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে সংবাদধ্যমৰ জৰিয়তে আহ্বান জনায় চৰকাৰক। আনহাতে বৰ্তমানৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ সকলোবোৰ সমবায় পৰ্যায়ৰ উদ্যোগ বন্ধ কৰি দিব বিছৰা বিষয়টো পুনৰবাৰ উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে উদ্যোগ সমূহ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত এখন চৰকাৰে অকলে লব নোৱাৰে বুলি উভতি ধৰে।
এইক্ষেত্ৰত উদ্যোগ সমূহৰ চিয়াৰপাৰ্চন সমূহৰো মতামত লোৱাৰ প্ৰয়োজন আছে বুলি কয়। ইয়াৰ উপৰিও গুৱাহাটীৰ পৰা পাঠশালালৈ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ প্ৰায় তিনি কিঃ মিঃ লৈ যি উদ্যোগিক অঞ্চল ঘোষণা কৰিছে, এই ক্ষেত্ৰত সাধাৰণ ৰাইজ বাৰুকৈ ক্ষতিগ্ৰস্ত হ'ব বুলি উল্লেখ কৰি হুছেইনে কয় যে ৰাজ্য চৰকাৰে এনে সিদ্ধান্তটো পুনৰবাৰ বিবেচনা কৰা প্ৰয়োজন আছে।
গুৰুত্বপুৰ্ণ বিষয়টো হ'ল যে ৰঙিয়া এ'পল মিল শ্ৰমিক সন্থাৰ বিষয়-ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সংবাদমেলত বৰ্তমান চৰকাৰখনৰ মিত্ৰ জোঁটৰ অংশীদাৰী দল অগপনেতাই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে সংবাদমেল অনুষ্ঠিত কৰি চৰকাৰৰ বিৰুদ্ধে মন্তব্য মন্তব্য প্ৰকাশ কৰাৰ বিষয়টোৱে অধিক গুৰুত্ব বহন কৰিছে।