
newsnextone.com | গুৱাহাটীঃ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে সোমবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে বিজেপিৰ সহযোগী তথা অসমৰ একমাত্ৰ আঞ্চলিক দল অসম গণ পৰিষদৰ বিধায়নী দলে৷ অতুল বৰাৰ নেতৃত্বত বিধায়িনী দলে ৰাজ্যপালক সাক্ষৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰে৷
অতুল বৰাৰ সৈতে দলৰ আটাইকেইজন বিধায়কৰ উপস্থিতিত সাক্ষাৎ কৰি ৰাজ্যৰ জ্বলন্ত সমস্যা আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰে৷
অসমৰ নাগৰিকৰ আৱেগক সন্মান যাচি নাগৰিকত্ব সংশোধনী বিধেয়ত গৃহীত নকৰিবলৈ আহ্বান জনায় অগপৰ বিধায়িনী দলে৷
শ্বহীদৰ ত্যাগ আৰু জাতিৰ আৱেগক সন্মান জনাই নাগৰিকত্ব সংশোধনী বিধেয়ক অসমৰ ৰাইজে মানি নলয় বুলি স্পষ্ট কৰে ৰাজ্য জগদীশ মুখীৰ সন্মুখত৷ অগপই দায়িত্ব সহকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে বুলি কয় অগপই৷ এই আইনে অসম চুক্তিৰ দফা উলংঘন কৰিব৷ অসমৰ মানুহে ৮৫৫ জন শ্বহীদৰ বিনিময়ত অসম চুক্তি ৰূপায়ণ হৈছিল বুলি স্পষ্ট কৰে অগপই৷
নাগৰিকত্ব আইন সংশোধনী বিধেয়ক শীঘ্ৰে প্ৰত্যাহাৰ আৰু ঐতিহাসিক অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবীত অগপৰ এটা প্ৰতিনিধি দলে জগদীশ মুখীক সাক্ষাৎ কৰি এখন স্মাৰকো প্ৰদান কৰে। অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বিধায়ক বৃন্দাবন গোস্বামীয়ে, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, পবীন্দ্ৰ ডেকা, ৰেণুপমা ৰাজখোৱা, উৎপল দত্ত, ভবেন ভঁৰালী, সত্যব্ৰত কলিতা আৰু নৰেন সোণোৱালৰ উপস্থিতিত নাগৰিকত্ব সংশধোনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতি পুনৰ স্পষ্ট কৰে ৰাজ্যপালৰ সন্মুখত৷ সাক্ষাতকালত নাগৰিকত্ব সংশোধনী বিধেয়ক অসম চুক্তি বিৰোধী বুলি কোৱাৰ লগতে অগপ দলে কেতিয়াও মানি নলয় বুলি স্পষ্ট কৰে৷