
কোকৰাঝাৰঃ পলমকৈ হলেও বিটিএডিক লৈ সক্ৰিয় হ’ল অগপ দল৷ বিটিএডিত দলক শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে আ্চলিক দলটোৱে৷ সমগ্র বিটিএডি এলেকাত অসম গণ পৰিষদৰ সংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে দেওবাৰে কোকৰাঝাৰত অগপ দলৰ এক গুৰুত্বপুৰ্ণ সভা অনুষ্ঠিত হয়।
কোকৰাঝাৰ প্ৰেছ ক্লাৱ প্ৰাংগনত জিলা অগপ আৰু মহিলা পৰিষদৰ যৌথ সভাৰ জৰিয়তে বিটিএডি এলেকাত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিপিএফৰ সৈতে অগপৰ মধুৰ সম্পৰ্ক অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত কিছুদিন পূৰ্বে গঠন হোৱা কোকৰাঝাৰ জিলা অগপৰ মহিলা পৰিষদখনো আনুষ্ঠানিকভাৱে দায়িত্বভাৰ চমজি লয়।
কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত হোৱা সভাৰ অন্তত জিলা অগপৰ সাধাৰণ সম্পাদক জাকিৰ হুছেইনে বিজেপিৰ কাৰ্যকলাপক লৈ সন্তুষ্ট নহয় বুলি মত প্ৰকাশ কৰিছে। অগপৰ কেবাটাও দাবী অদ্যপি বিজেপিয়ে পুৰণ কৰা নাই বুলি জাকিৰ হুছেইনে মন্তব্য আগবঢ়ায় মন্ত্ৰীসভা সম্প্ৰসাৰণ নকৰাটোৱে আন এক অসন্তষ্টিৰ কাৰণ বুলি মত প্ৰকাশ কৰে।
আনহাতে বিপিএফ দলৰ সৈতে যোৱা ২৩ মে’ত অনুষ্ঠিত হোৱা আলোচনাৰ সিদ্ধান্তসমুহ কাৰ্যকাৰীকৰণ কৰিবলৈ বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীক আহ্বান জনাই জাকিৰ হুছেইনে। বিটিএডি তথা কোকৰাঝাৰত অগপ দলক শক্তিশালী কৰিবলৈ পাঁচটা সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰি আগন্তুক লোকসভা নিৰ্বাচনত নিজাববীয়া প্ৰাৰ্থী থিয় কৰাৰ সপক্ষেও মত প্ৰকাশ কৰিছে কোকৰাঝাৰ জিলা অগপই। সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কৰ্ণমোহন ৰায়, জিলা অগপৰ সভাপতি সুবীৰ চক্ৰৱৰ্তী, জিলা মহিলা পৰিষদৰ সভানেত্ৰী, সম্পাদিকাৰ লগতে ১১খন আঞ্চলিক সমিতিৰ সভাপতি আৰু সম্পাদকে ধৰি বহু সংখ্যক অগপ কৰ্মী উপস্থিত থাকে৷