
গুৱাহাটীঃ শুক্ৰবাৰে গুৱাহাটী মহানগৰীত হাতে হাত ধৰি ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিত অগপক শক্তিশালি কৰাৰ সংকল্প ললে অগপৰ নেতা-কৰ্মীয়ে৷ মহানগৰীত দলটোৰ নেতা-কৰ্মী একত্ৰিত হৈ দলৰ বিভিন্ন দিশ পৰ্যালোচনা কৰে৷ ৰাজ্যৰ অন্যতম আঞ্চলিক দল অগপক সকলো জাতি-জনগোষ্ঠী, ধৰ্ম, বৰ্ণৰ লোকৰ দল বুলি আখ্যা দিলে শ শ নেতা-কৰ্মীয়ে৷
ৰাজ্যৰ প্ৰতিগৰাকী লোকক অপশাসনৰ পৰা মুক্ত কৰিবলৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে অগপ দলক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ সংকল্প নেতা-কৰ্মীৰ৷ একপ্ৰকাৰ শুকুৰবাৰৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ বাবে ককালত টঙালী বান্ধি প্ৰস্তুত হ’ল অগপ৷ অসম গণ পৰিষদ ৰাইজৰ দল৷
এই কথা সময়ে সময়ে অগপ নেতা কৰ্মীয়ে সভা সমিতিয়ে প্ৰকাশ কৰি আহিছে৷ অগপ নেতা কৰ্মীৰ এই দাবীক অগপৰ তৃণমুলৰ নেতা-কৰ্মীয়ে সচা বুলি যেন প্ৰমাণ কৰিলে৷ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ হিল-দল ভাঙি আজি নতুন উদ্দমেৰে একত্ৰিত হৈ অগপক পুনৰ শাসনলৈ অনাৰ সংকল্প লয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্ত পৰা অহা শ শ অগপ নেতা-কৰ্মীৰে উখল-মাখল মহানগৰৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদ৷ দলটোৰ সভাপতি অতুল বৰাই পতাকা উত্তোলন কৰি অভিবৰ্তনৰ শুভৰাম্ভ কৰে।
পুৱাৰে পৰা মহানগৰীৰ পাঞ্জাবাৰীত অগপৰ প্ৰতিখন জিলা সমিতিৰ লগতে আঞ্চলিক সমিতিৰ বিষয়-ববীয়া উপস্থিত হয়৷ দিঙিত গামোচা লৈ গাড়ীত দলীয় পতাকা বান্ধি দলে বলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ শ কৰ্মী উপস্থিত হয়৷ অগপক একাংশ লোকে মৃত্যুমুখী দল, অগপ শেষ হ’ল বুলি অভিহিত কৰি অহাৰ সময়তে দলটোৰ নেতা-কৰ্মীয়ে প্ৰমাণ কৰিলে অগপ আজিও শক্তিশালি দল৷
ৰাজ্যৰ অন্যতম শক্তিশালি আঞ্চলিক দল অসম গণ পৰিষদে আজি পঞ্চায়ত অভিবৰ্তন অনুষ্ঠিত কৰে মহানগৰীৰ পাঞ্জাবাৰীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত৷
পঞ্চায়ত অভিবৰ্তনত দলৰ সভাপতি অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত, উপ-সভাপতি কেশৱ মহন্ত, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা সহিতে আটাইকেইজন বিধায়ক সহ ভাতৃ সংগঠন যুৱ পৰিষদ, ভগ্নী সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকি পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল কৰাৰ বাবে সকলোকে কাম কৰি যোৱাৰ আহ্বান জনায়৷
দলৰ সভাপতি অতুল বৰাই ভাষণ দিবলৈ থিয় হৈ আবেগিক হৈ পৰে৷ সভাপতিগৰাকীয়ে দলীয় নেতা-কৰ্মী দলটোৰ সঞ্জীবনী বুলি কয়৷ আজিও দলৰ বহু নেতা-কৰ্মীয়ে বহু কষ্ট কৰি দলটো শক্তিশালি কৰি ৰাখিছে বুলি কয়৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে সকলোৱে ককালত টঙালী বান্ধি সাজু হোৱাৰ আহ্বান জনায়৷
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই কেৱল পঞ্চায়ত নিৰ্বাচনে নহয় আগন্তুক প্ৰতিটো নিৰ্বাচনলৈ দলীয় কৰ্মীক সাজু হব’ৰ বাবে সাজু হবলৈ কয়৷ প্ৰতিটো পঞ্চায়তৰ ৰাইজক গ্ৰাম্য অঞ্চলৰ উন্নয়ণ কেৱল অগপ দলেহে কৰিব পাৰিব বুলি বুজনি দিয়াৰ আহ্বান জনায়৷ অগপ দল ৰাইজৰ দল, ৰাইজৰ মাজত সদায় থাকিব বুলি কয় অগপৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই৷