নলবাৰীঃ বুধবাৰে নলবাৰী চহৰ উত্তাল কৰিলে অংগনাবাড়ী কৰ্মী-সহায়িকাই৷ কেবা শতাধিক কৰ্মী-সহায়িকাই ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ বিভিন্ন দাবীৰ সমৰ্থনত এই প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰ ৰাজ্য চৰকাৰে বাৰে বাৰে প্ৰৱঞ্চনা কৰা বুলি অভিযোগ কৰি চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ ফৰত প্ৰতিবাদ কৰি আহিব লগা হৈছে বুলি কয় অংগনাবাড়ী কৰ্মী-সহায়িকাই৷ জিলাখনৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত বুধবাৰে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অংগনাবাড়ী কৰ্মী-সহায়িকাই।

সংগঠনটোৰ প্ৰতিবাদত সম্পূৰ্ণ বন্ধ হৈ পৰে কাৰ্যালয়তটো। জিলাখনৰ প্ৰায় পাচঁ শতাধিক অংগনাবাড়ী কৰ্মী-সহায়িকাই সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ অংগনাবাড়ী কৰ্মী-সহায়িকা সন্থাৰ নেত্ৰী ইলামণি কলিতাই কৰ্মীসকলক পাচঁ হেজাৰ আৰু সহায়িকা সকলক ৩৫০০টকাকৈ মাননী দিয়াৰ দাবীত যোৱা জানুৱাৰী মাহৰ পৰা আমাৰ সংগঠনে আন্দোলন কৰি আহিছো বুলি আবেগিক হৈ পৰে।

পৰিবৰ্তনৰ শ্ল’গান দিয়া ৰাজ্য চৰকাৰৰ কাণসাৰ নাই বুলি মন্তব্য কৰে তেও। ধৰ্ণা কাৰ্যসূচীত চিআইটিইউৰ জিলা সভাপতি নৃপেন কলিতাই অংশ লৈ সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে অংগনাবাড়ী সন্থাক মাতি নিজে উপস্থিত নাথাকে বুলি অভিযোগ উত্থাপন কৰে। এয়া হৈছে অসম চৰকাৰ পৰিবৰ্তনৰ নমুনা। ৰাজ্যৰ বিজেপি চৰকাৰ শ্ৰমিক-কৰ্মচাৰী বিৰোধী চৰকাৰ আখ্যা দিয়ে।

সেইবাবে মন্ত্ৰী এটা সংগঠনক মাতিও পলাই থাকে বুলি কলিতাই চৰকাৰক কটাক্ষ কৰে। ধৰ্ণা কাৰ্যসূচীত সংগঠনটোৰ প্ৰতিবাদকাৰীসকলে কেন্দ্ৰ-ৰাজ্যৰ বিজেপি চৰকাৰ হায়াঃ হায়াঃ, ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী পলৰীয়া, অংগনাবাডি কৰ্মী-সহায়িকা সন্থাৰ দাবী সমূহ পূৰণ কৰক, পৰিবৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ কথা আৰু কামৰ মূল্য নাই আদি শ্ল’গানেৰে উত্তাল কৰে নলবাৰী জিলা সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়।