
newsnextone.com | দিচাংমুখঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল ৰাজ্য৷ এতিয়া প্ৰতিদিনে ৰাজ পথত অসমৰ জনসাধৰণ৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল’গান দি দিল্লী আৰু দিছপুৰৰ গাদী দখল কৰা বিজেপিয়ে এতিয়া অসম ধ্বংসকাৰী নাগৰিকত্ব সংশোধনী আইন গৃহিত কৰি অসমত লাখ লাখ বাংলাদেশী অসমত সংস্থাপন কৰিব বিচাৰে৷ যাৰ বাবে ৰাজ্যৰ ৰাইজ আজি ক্ষোভিত দল আৰু চৰকাৰৰ বিৰুদ্ধে৷ আই মাতৃ আজি ক্ষোভিত চৰকাৰৰ বিৰুদ্ধে৷
অসমৰ বিভিন্ন দল-সংগঠন অবৈধ নাগৰিকক অসমত সংস্থাপন কৰিব বিছৰা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ বিতর্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধে ৭ মে’ত অসমৰ ৰাইজে যুটীয়া সংসদীয় সমিতিয়ে অনুষ্ঠিত কৰা শুনানিত মত প্ৰকাশ কৰাৰ লগতে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷
বুধবাৰেও ৰাজ্যৰ কেইবাটাও সংগঠনে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বুধবাৰে শিৱসাগৰ জিলাৰ মাজমজিয়াৰ দৌলমুখ চাৰিআলিত আহোম জাতীয় গণ মঞ্চই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনায়৷
সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰি অসমত থকা বাংলাদেশী বহিস্কাৰ কৰাৰ দাবী জনায়৷ শিৱসাগৰ মাজমজিয়া উত্তাল কৰি কোনো কাৰণত অসমত অবৈধ নাগৰিকক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি নাগৰিকত্ব সংশোধৱনৱী আইন গৃহিত কৰি অসম হিন্দু শৰণাৰ্থী সংস্থাপন কৰিব বিচাৰে তেন্তে বিজেপিয়ে অসম এৰিব লাগিব বুলি কয় সংগঠনটোৱে।