
ডিজিটেল ডেস্কঃ ফ্ৰান্সৰ A-380 ছুপাৰ জাম্বো বিমানসহ ৫২০ গৰাকী যাত্ৰী কথমপি ৰক্ষা পৰে৷ ৫২০গৰাকী যাত্ৰীসহ আকাশত উৰি থকা এখন বিমানৰ ইঞ্জিন বিকল হৈ পৰাত আকাশতে থৰ-থৰকে কপিব ধৰে৷ নির্বিঘ্নে মাটিৰ পৰা ৩৭ হাজাৰ ফুট উচ্চতাত উৰি থকা এখন বিমানৰ ইঞ্জিন বিকল হৈ পৰাত থৰ-থৰকৈ কপিবলৈ ধৰে৷
ফ্ৰান্সৰ পৰা নিউয়ৰ্ক অভিমুখে উৰা মৰা এখন জাম্বো বিমানৰ এই ঘটনা সংঘটিত হয়৷ এগৰাকী বিমান সেৱিকাই চৰাইৰ ডেউকাত খুন্দা মৰা বুলি যাত্ৰীক পতিয়ন নিব খোজা হয়৷ তাৰ পিছতে যাত্ৰীসকলে ইমান উচ্চতাত চৰাই উৰিব নোৱাৰে বুলি অনুভৱ কৰে৷
কিছুসময় পিছতে সকলো কথা পৰিস্কাৰ হল৷ যাত্ৰীসকলে গম পালে বিমান খনৰ এটি ইঞ্জিন বিকল হৈছে৷ এয়াৰ ফ্ৰান্সৰ A-380 ছুপাৰ জাম্বো বিমানখন নিউয়ৰ্ক অভিমুখে উৰা মৰাৰ পিছতে এই ঘটনা সংঘটিত হয়৷ ফলত কানাডাৰ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ সক্ষম হোৱাত ৫২০গৰাকী যাত্ৰী আৰু ২০গৰাকী ক্ৰু সদস্য ৰক্ষা পৰে৷