ডিজিটেল ডেস্কঃ সোনকালেই হয়তো দেশৰ অন্যতম ৰাষ্ট্ৰীয় উৰণ সেৱা এয়াৰ ইণ্ডিয়াক হস্তান্তৰ কৰা হ’ব ব্যক্তিগত খণ্ডলৈ৷ দেশৰ বিভিন্ন প্ৰান্তৰ লোকচানৰ সমুখীন হোৱা ৰাজহুৱা খণ্ডসমূহ ব্যক্তিগতকৰণৰ দিশত সময়তে ই এক ঐতিহাসিক পদক্ষেপ হ’ব পাৰ৷ 

► ৫৫ লাখ কোটিৰ ঘাটিত এয়াৰ ইণ্ডিয়া

► ১০০ শতাংশই ব্যক্তিগতকৰণৰ পৰামৰ্শ নীতি আয়োগৰ

দিনে দিনে ঘাটিৰ সমুখীন হৈ অহা এয়াৰ ইণ্ডিয়াক বচোৱাৰ একমাত্ৰ উপায় হিচাপে নৰেন্দ্ৰ মোদী চৰকাৰে এয়াই একমাত্ৰ উপায় হিচাপে প্ৰস্তাৱ দিয়াৰ পিছত চেক্ৰেটাৰীৰ কমিটি এখন গঠন কৰি দিয়া হৈছে৷

পৰিষদীয় সচিবকে ধৰি উৰণ, বিত্তীয় আৰু বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি ব্যৱস্থাপনা আদি বিভিন্ন বিভাগৰ সচিবসকলৰে গঠিত এই কমিটিখনেই কি পদ্ধতিৰে এয়াৰ ইণ্ডিয়াক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা হ’ব সেই বিষয়ে আলোচনামৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিব৷