
চাংসাৰিঃ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোট চৰকাৰৰ শিক্ষা, স্বাস্থ্য, বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া বক্তব্যক এইবাৰ উভতি ধৰিছে অল ইণ্ডিয়ান ৰিপোৰ্টাৰ্ছ এছ'চিয়েছন চমুকৈ 'আইৰা’ৰ অসম ৰাজ্যিক সমিতিয়ে৷ সাংবাদিক সংগঠনটোৱে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া কেইবাটাও বক্তব্যক উভতি ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি অসমীয়া জাতিক ভাগ ভাগ কৰাৰ অধিকাৰ ক'ত পালে বুলি প্ৰশ্ন কৰে?
ইমানে নহয় সংগঠনটোৱে বৰাক উপত্যকা, হোজাই অসমৰ অংগ নহয় নেকি? বৰাক উপত্যকা আৰু হোজাইত অসমীয়া মানুহ নাই নেকি বুলি প্ৰশ্ন কৰি উত্তৰ বিছাৰে৷ মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান জনাই সংগঠনটোৱে অসমীয়াৰ ভোটেৰে যদি বিজেপি জয়ী হোৱা নাছিল তেন্তে আপুনি একমাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰক বুলি মন্ত্ৰী হিমন্তক প্ৰত্যাহ্বান জনাই অসমত অসমীয়াৰ শক্তি কিমান তেতিয়া আপুনি উপলদ্ধী কৰিব বুলি কটাক্ষ কৰে প্ৰভাৱশালী মন্ত্ৰী হিমন্তক।
♦ আৰু পঢ়কঃ নগাঁৱত এজন অসমীয়াৰ হুংকাৰ, "মৰিবও জানো, মাৰিবও জানো"
অসমত অসমীয়াৰ স্বাভিমান কিমান তেতিয়া বুজি পাব। সংগঠনটোৱে আৰু কয়, "আপুনি অসমত অসমৰ প্ৰভূত্ব নস্যাৎ কৰি অসমক কাৰ হাতত গতাই দিব খুজিছে? অসমত অসমীয়াৰ ভোটেৰে কেৱল জয়ী হোৱা নাছিল বুলি কৈ বিজেপিৰ ভৱিষ্যতৰ সেন্দূৰীয়া পথটো আপুনি ৰুদ্ধ কৰি দিয়া নাই নে..? ২০১৬ ৰ বিধানসভা নিৰ্বাচনত এইখন অসমত বিজেপিক ৰাইজে সমৰ্থন কৰিছিল একমাত্ৰ পৰিৱৰ্তন বিচাৰি।"
এই পৰিৱৰ্তন অসমীয়াৰ চোলা সলোকাই ভাৰতীয় হোৱাৰ পৰিৱৰ্তন নাছিল বুলি ক্ষোভেৰে জনাই অসম ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে।
প্ৰথম অসমীয়া, দিত্বীয়তহে ভাৰতীয়। এইয়া অসম ৰাজ্যিক বিজেপিৰ আদৰ্শ আছিল। অসমত বসবাস কৰা প্ৰতিজন ভাৰতীয় অসমীয়া। আপুনি অসমীয়া শব্দটোক বহু তললৈ লৈ গল। ইতিহাসে আপোনাক ইয়াৰ বাবে কেতিয়াও ক্ষমা নকৰে বুলি উষ্মাৰে জনাই ৰাজ্যিক সাধাৰণ সম্পাদক পংকজ নাথে।
আনহাতে, "গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ নিগৰে" বুলি বক্তব্য ৰখাৰ পাছত আজি অসমীয়াৰ ভোটেৰে শাসনলৈ অহা নাই বুলি ৰখা বক্তব্যৰ মাজত পাৰ্থক্য আছে জানো বুলি প্ৰশ্নৰ অৱতাৰণা কৰে ৰাজ্যিক সম্পাদক প্ৰমোদ মলে। মন্ত্ৰী হিমন্ত বিশ্বৰ সাহস আছে যদি অসমৰ ৰাইজৰ আগত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আজি আহ্বান জনাইছে "আইৰা" নামৰ সংগঠনটোৱে৷