
গোৰেশ্বৰঃ চৌদিশে এতিয়া দুৰ্গা পূজাৰ ব্যস্ততা। তাতে আকৌ মোবাইল নেটৱৰ্কৰ আমনি। ব্যস্ততা পূৰ্ণ জীৱনত এইকেইদিন ভালেই আউল লগাইছে নিম্নমানৰ মোবাইল নেটৱৰ্কে। আজিকালি জিঅ'ৰ যুগ। সকলো কথাই মানুহে অনলাইনত কৰাৰ এক অভ্যাস গঢ়ি তুলিছে।
কিন্তু বিগত কিছুদিন ধৰি বাক্সা জিলাৰ গোৰেশ্বৰত মোবাইল নেটৱৰ্কৰ নিম্নমানৰ সেৱাই গ্ৰাহকক জ্বলা কলা খুৱাইছে। অনলাইনত ব্যস্ত থকা মানুহে সাধাৰণ কথাখিনি পাতিবলৈ ফোনত ঘন্টা ধৰি যুঁজিব লগা হৈছে। বিশেষকৈ জৰুৰীকালীন অৱস্থাত মোবাইলটোত খা-খবৰ লওঁ বুলিও ল'ব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে।
অভিযোগ মতে বিগত কিছুদিন ধৰি এয়াৰচেল নেটৱৰ্কৰ সেৱাৰ মানদণ্ড দিনক দিনে নিম্নগামী হৈছে। মোবাইলটোৰ পৰা ফোন লগালেও কোনো সহাঁৰি পোৱা যোৱা নাই। বিশেষকৈ সন্ধিয়াৰ ভাগত বেছি যাতনা দি আছে মোবাইল নেটৱৰ্কে। দেখাত নেটৱৰ্ক থাকিলেও কোনো কাৰণ সংযোগ স্থাপন কৰিব নোৱাৰি।
সেয়ে সাধাৰণ গ্ৰাহকৰ লগতে সংবাদ সেৱী সকলো বিশেষ অসুবিধাৰ সম্মুখীন হৈছে এই সমস্যাৰ বাবে। এয়াৰচেলৰ বিষয়াৰ সৈতে সংবাদসেৱী সকলে যোগাযোগ কৰাৰ পিছতো কি অসুবিধাৰ বাবে সেৱাৰ মান নিম্নগামী হৈছে তাক জনাব পৰা নাই বিষয়াই। জিএচটিৰ বাবে মোবাইল বিল বৃদ্ধি পাইছে যদিও সেৱা দুৰ্বল হোৱাত অতিষ্ঠ হৈ পৰিছে গ্ৰাহকসকল।
এনেদৰে আন কেবাটাও নেটৱৰ্কে এইকেইদিন উন্নত সেৱা দিব পৰা নাই বুলি গ্ৰাহকসকলে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ অভিযোগ উৰ্ধতম বিষয়াক দিয়াৰ পিছতো কোনো গুৰুত্ব দিয়া নাই বিষয়াই। জিঅ’ই বহু কম হাৰত সেৱা আগবঢ়াই থকাৰ সময়ত এনেদৰে আন মোবাইল নেটৱৰ্ক দুৰ্বল হোৱা, জিএচটিয়ে মোবাইল বিলত প্ৰভাৱ পেলোৱা আদি সমগ্ৰ বিষয়ে এতিয়া মোবাইল নেটৱৰ্কৰ বজাৰ খনৰ লগতে গ্ৰাহকক চিন্তিত কৰি তুলিছে।