গোলাঘাটঃ ৰাজ্যৰ শাসনত বহা দলৰ আশীৰ্বাদপুষ্ট অনা-অসমীয়া লোকৰ দ্বাৰা খিলঞ্জীয়াৰ ওপৰত বাৰ বাৰ আক্ৰমণ হৈ অহাৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন আৰু যুৱ ফেডাৰেচনে মঙলবাৰে গোলাঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

সংগঠন দুটাৰ নেতা-কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড, পতাকা লৈ ৰাজ পথলৈ ওলাই আহি থলুৱাক সুৰক্ষা প্ৰদানৰ দাবী জনায়৷ অবৈধ বিদেশীৰ হাতত জাতি-মাটি-ভেটি বন্ধকত ৰখাৰ পৰা বিৰত থকা, খিলঞ্জীয়াক আক্ৰমণ বন্ধ কৰা, হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া সিন্ধান্ত বাতিল কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, অসমৰ পৰা সকলো বিদেশীক বহিষ্কাৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই৷

এআইএছএফৰ জিলা সভাপতি যদু বৰা, সম্পাদক অভিজিত দুৱৰা, এআইৱাইএফৰ জিলা সভাপতি পৰাগ বৰা, সম্পাদক হেমন্ত গগৈৰ নেতৃত্বত ছাত্ৰ-যুৱ কৰ্মী সকলে এক সমদল উলিয়ায় গোলাঘাট চহৰত।

খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ বন্ধ কৰক, নাগৰিকত্ব আইন বাতিল কৰক, অসমত দীনদয়াল নচলিব, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে গোলাঘাট নগৰ পৰিভ্ৰমণ কৰি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰক ধিক্কাৰ দি উন্নয়ণৰ কামত মনোনিবেশ কৰিবলৈ দাবী জনায়৷

এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰা, প্ৰাক্তন ৰাষ্ট্ৰীয় সম্পাদক পিকুমনি দত্ত, প্ৰাক্তন ৰাজ্যিক সম্পাদক নিতুল বৰা আৰু এআইৱাইএফৰ জিলা সম্পাদক হেমন্ত গগৈয়ে হিন্দুত্ববাদৰ স্বাৰ্থত জাতীয় নায়কে জাতি-মাটি অবৈধ বিদেশীৰ হাতত বিক্ৰী কৰা বুলি কৈ চ্যুকাফা-শংকৰ-আজানৰ দেশত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সকীয়নী প্ৰদান কৰে।