Representative Image

গুৱাহাটীঃ নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ সন্দৰ্ভত গঠিত যুটীয়া সংসদীয় সমিতিয়ে বিৰোধী সদস্যসকলৰদ্বাৰা প্ৰস্তাৱিত বিষয়সমূহ প্ৰত্যাখান কৰি ইতিমধ্যে বিধেয়কখনৰ সপক্ষত প্ৰতিবেদন গ্ৰহণ কৰিছে। নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্য পৰিষদে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে। 

এক প্ৰেছ বিজ্ঞপ্তযোগে নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ অসম ৰাজ্য পৰিষদৰ সভাপতি মানস বৰা আৰু সম্পাদক পুনম ডেকাই এই কথা প্ৰকাশ কৰিছে। 

জে পি চিৰ অন্তিমখন বৈঠকত একমাত্ৰ বাঁওপন্থী সদস্য মহম্মদ চেলিমে অসন্মতিৰ টোকা দাখিল কৰাৰ বিপৰীতে কংগ্ৰেছকে ধৰি আন দলসমূহৰ সদস্যসকলে অসন্মতিৰ টোকা দাখিল নকৰা বিষয়ত দলসমূহক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে। 

জে পি চিয়ে এই চূড়ান্ত প্ৰতিবেদন সংসদত অহা ৭ জানুৱাৰীত দাখিল কৰাৰ দিনাই বাওঁ-গণতান্ত্ৰিক মঞ্চই গুৱাহাটীত আহ্বান জনোৱা প্ৰতিবাদী কাৰ্যসূচীত এ আই এছ এফে অংশগ্ৰহণ কৰিব। 

সেইদিনাই হ'ব লগা ৰাজ্যৰ বিশিষ্ট নাগৰিক-বুদ্ধিজীৱীৰ নেতৃত্বত সংগঠিত "অসম বচাওক আন্দোলন"ৰ কাৰ্যসূচী ধিক্কাৰ দিৱসলৈও সংগঠনটোৱে সমৰ্থন আগবঢ়াইছে। ভাৰতীয় সংবিধান আৰু ধৰ্মনিৰপেক্ষতা নীতিৰ পৰিপন্থী অসম বিৰোধী নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ আইনত পৰিণত কৰিবলৈ উঠিপৰি লগাৰ বিপৰীতে এ আই এছ এফে এই বিধেয়ক বাতিল নকৰা পৰ্যন্ত সমস্ত শক্তিৰে ৰাজ্যখনৰ সকলো জিলাতে একক অথবা যৌথ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব। 

কৃষক মুক্তি আৰু এ জে ৱাই ছি পিৰ নেতৃত্বত ৰাজ্যৰ ৭০ সংগঠনৰ যৌথ প্ৰতিবাদী কাৰ্যসূচীলৈও এ আই এছ এফে সমৰ্থন আগবঢ়াইছে। অসমবাসী সমূহ জাতি-জনগোষ্ঠীৰ অস্তিত্ব তথা অসমৰ ভাষা-সাহিত্য-সংস্কৃতি ৰক্ষাৰ এই ঐক্যবদ্ধ আন্দোলনত সমূহ অসমবাসীকে অংশগ্ৰহণৰ আহ্বান জনাইছে সংগঠনটোৱে।