গুৱাহাটীঃ এ এছ এফ আৰ ফৰকাটিং আঞ্চলিক সমিতিয়ে ফৰকাটিত ৰাজ্য চৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে জাতি-মাটি-ভেটিৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহি বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ জাতি-মাটি-ভেটিৰ বিৰুদ্ধেহে কাম কৰি আছে বুলি অভিযোগ উত্থাপন কৰে নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনৰ ফৰকাটিং আঞ্চলিকে সমিতিয়ে৷ সংগঠনটোৱে ফৰকাটিংত এক জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগালিমত অসমৰ মাটি অন্তৰ্ভুক্তিকৰণৰ বিৰোধিতা আৰু নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰা, এন এছ এৰ অধীনৰ ষড়যন্ত্ৰমূলক ভাৱে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ বিনাচৰ্তে মুক্তি দিয়া, বন্দী কৰি ৰখা কৃষক মুক্তিৰ আন নেতাসকলক মুক্তি দিয়া, পুনৰ সংস্থাপন অবিহনে সকলোধৰণৰ উচ্ছেদ বন্ধ ৰখা, আমচাঙৰ উচ্ছেদিতক শীঘ্ৰে সংস্থাপন দিয়া, উচ্ছেদিত অঞ্চলৰ শিক্ষাৰ্থীক শীঘ্ৰে অধ্যয়নৰ পৰিৱেশৰ ব্যৱস্থা কৰাৰ দাবী জনায় আঞ্চলিক সভাপতি মুজাকিৰ হুছেইন, সম্পাদক বিতোপন হাজৰিকা আৰু উপ-সভাপতি ৰাহুল বৰগোহাঁইৰ নেতৃত্বত এ আই এছ এফৰ ছাত্ৰকৰ্মী সকলে ফৰকাটিং চাাৰিআলিৰ পৰা ফৰকাটিং জংচনলৈকে সমদল কৰি আহি সেই স্থানতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

সভাত এ আই এছ এফৰ গোলাঘাট জিলাৰ সভাপতি যদু বৰা আৰু উপ-সভাপতি অভিলাষ নেওগ উপস্থিত থাকি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি কয় যে প্ৰস্তাবিত নাগালিমত ফৰকাটিঙৰ ৰেল লাইনলৈকে গোলাঘাটৰ মাটি অন্তৰ্ভুক্ত কৰা হৈছে বুলি বিভিন্ন শুনা গৈছে। ফৰকাটিঙৰ জনসাধাৰণে নগাৰ লগত হোৱা এই চুক্তি কোনো কাৰণতে মানি নলয় আৰু নিজৰ মাটি-ভেটি ৰক্ষাৰ বাবে প্ৰয়োজন হ'লে তেজ দিবলৈও সাজু আছে বুলি হুংকাৰ দিয়ে নেতাদ্বয়ে।