
গোলাঘাটঃ নগাঁৱৰ প্ৰাক্তন আলফা সদস্যক শাসক পক্ষৰ আশীৰ্বাদপুষ্ট আৰ এছ এছে আক্ৰমণ কৰিছে৷ এই অভিযোগ নিখিল ভাৰত ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক সমিতিৰ। এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰাই এক প্ৰেছ বিবৃতি যোগে এি দাবী উত্থাপন কৰি নগাঁৱৰ ঘটনাক কোনো বিক্ষিপ্ত ঘটনা নহয় বুলি কয়৷
পুৰ্বৰ চিলাপথাৰৰ দৰেই নাগৰিকত্ব আইন সংশোধনৰ জৰিয়তে ধৰ্মৰ ভিত্তিত অবৈধ বিদেশীক নাগৰিকত্ব দিব বিচৰা ষড়যন্ত্ৰৰ অংশহে অংশ বুলি কয় বৰাই।
চৰকাৰী পৃষ্ঠপোষকতাতে অসমত সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব বিচৰা হৈছে আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ প্ৰৰোচনামূলক সাম্প্ৰদায়িক মন্তব্যই দুষ্কৃতিকাৰীক অধিক সাহসী কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে এআইএছএফৰ ৰাজ্যিক সভাপতি মানস বৰাই।
আমাৰ যুঁজখন নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ বিৰুদ্ধেহে। আজি যদি অসমবাসীয়ে ইয়াৰ বিৰুদ্ধে মাৰবান্ধি থিয় নহয় তেন্তে সমগ্ৰ অসমখনেই এদিন নগাঁও-চিলাপথাৰ হ'ব।
শাসক পক্ষই অসমবাসীৰ মাজত ধৰ্মীয় আৰু জাতিগত বিভেদ সৃষ্টি কৰাৰ লগতে অসমীয়া জাতীয়তাবাদক ৰাজনৈতিক ভাবে হত্যাৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে নেতাগৰাকীয়ে।
অসমবাসী এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব৷ যুদ্ধ অসমীয়া-অনা-অসমীয়া নতুবা দুটা সম্প্ৰদায়ৰ মাজৰ যুদ্ধ নহয়৷ এই যুদ্ধ দেশী আৰু বিদেশীৰ, জাতীয়তাবাদ আৰু হিন্দুত্ববাদৰহে।
এআইএছএফে দল-মত-জাতি-ধৰ্ম নিৰ্বিশেষে অসমৰ সকলো জাতীয়-জনজাতীয় সংগঠন তথা জনগণক ঐক্যবদ্ধ হৈ অসম তথা অসমবাসীৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক তথা অবৈধ বিদেশীক বহিষ্কাৰৰ দাবীত গণ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনায়৷