লিডুঃ নিখিল ভাৰত যুৱ ফেডাৰেচন লিডু আঞ্চলিক পৰিষদৰ সম্পাদক প্ৰাগজ্যোতি বৰুৱাক তৎকালে কাৰ্যকৰী হোৱাকৈ সংগঠনৰ প্ৰাথমিক পদৰ পৰা বহিষ্কাৰ কৰা বুলি এক বিবৃতি যোগে সংগঠনটোৱে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

সংগঠনটোৰ ৰাজ্যিক পৰিষদৰ সম্পাদক অজয় বৰা আৰু লিডু আঞ্চলিক সমিতিৰ সভাপতি বিজেন্দ্ৰ গগৈয়ে যোৱা ১১ ছেপ্তেম্বৰত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰি সৰ্বসন্মতি মৰ্মে প্ৰাগজ্যোতি বৰুৱাক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে বিবৃতিটোত।

বান সাহায্যৰ নামত বিত্তীয় খেলিমেলি তথা সংগঠনৰ সাংবিধান অৱমাননা কৰাৰ বাবে সংগঠনৰ লিডু আঞ্চলিক সম্পাদকৰ পদৰ পৰা প্ৰাগজ্যোতি বৰুৱাক বহিষ্কাৰ কৰে সংগঠনটোৱে। লগতে এতিয়াৰ পৰা প্ৰাগজ্যোতি বৰুৱাৰ সৈতে সংগঠনটোৰ কোনো ধৰণৰ সম্পৰ্ক নথকা বুলিও স্পষ্ট কৰি দিয়ে।