
গুৱাহাটীঃ দুদিনীয়া কাৰ্যসূচীৰে জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত ৰাজ্যৰ পুৰণি সাংবাদিক সংগঠন জাৰ্নেলিষ্ট এছ'চিয়েচন অব আছমৰ ত্ৰয়োদশ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ দেওবাৰে অন্ত পৰে।
বিয়লি সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰে প্ৰেছ কাউন্সিলৰ সদস্য তথা এন ইউ জে আই ৰাষ্ট্ৰীয় সাংবাদিক সংঘৰ সভাপতি প্ৰজ্ঞানন্দ চৌধুৰীয়ে৷
সমস্যা জৰ্জৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ অৰ্থে সাংবাদিক সুৰক্ষা আইন প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়ে পৰিৱৰ্তিত পৰিস্থিতিত ৰাজ্যৰ সাংবাদিকসকলে যোগ্যতা আৰু সততাৰে কাম কৰি যাব লাগিব বুলি মন্তব্য কৰে।
অনুষ্ঠানত সংস্থাৰ মুখপত্ৰ "জা বাৰ্তা" উন্মোচন কৰি মৰিগাঁৱৰ বিধায়ক তথা অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমাকান্ত দেউৰীয়ে ৷ ভাষণ প্ৰসংগত ৰমাকান্ত দেউৰীয়ে সাংবাদিকসকলে সদায় সমাজৰ হিতৰ কাৰণে কাম কৰিবলৈ আহ্বান জনায়।
সভাত ভাষণ প্ৰদান কৰি "ৰাষ্ট্ৰীয় খবৰৰ" সম্পাদক ৰজত গুপ্তাই ডিজিটেল সাংবাদিকতাৰ ধামখুমিয়াত প্ৰত্যাহ্বান গ্ৰহণ কৰি সাংবাদিকসকলে আগুৱাই যাব লাগিব বুলি কয়। অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত ৰিতুৰাজ বৰা, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ভবেন চন্দ্ৰ নেওগ আদিয়েও ভাষণ প্ৰদান কৰে।
অধিৱেশনত আগন্তুক তিনিবছৰৰ বাবে ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক সভাপতি আৰু ডালিম ফুকনক সাধাৰণ সম্পাদক হিচাপে লৈ জাৰ্নেলিষ্ট এছ'চিয়েচন অৱ অসমৰ ৩১ জনীয়া কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।