
কোকৰাঝাৰঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো তদন্তকাৰী সংস্থাই ঘাতকৰ কোনো ক্লু নোপোৱাৰ বিপৰীতে প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ বাসগৃহত আজিও বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ প্ৰতিনিধিৰ ভিৰ অব্যাহত অব্যাহত আছে ৷ আজি এআইডিএফৰ সঁজাতি দল এটাই প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে৷
♦ হাগ্ৰামাৰ সতে বদৰউদ্দিন আজমলৰ বৈঠক
♦ লাফিকুলৰ পৰিয়াললৈ দুই লাখৰ চেক
♦ পৰিয়ালৰ দুই সদস্যক নিযুক্তি পত্ৰ হাগ্ৰামাৰ
♦ আহত শুভংকৰক ৫০ হাজাৰৰ চেক প্ৰদান
এআই ইউডিএফৰ সভাপতি তথা সাংসদ বদৰউদ্দিন আজমলৰ নেতৃত্বত অহা দলটোৱে প্ৰথমে প্ৰয়াত ছাত্ৰ নেতা গৰাকীৰ ছালাকাতিস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে। এআইইউডিএফৰ সভাপতিগৰাকীয়ে লাফিকুল হত্যাকাণ্ডৰ চিবিআই তদন্ত হ'বই লাগিব বুলি মন্তব্য কৰি বিষয়টো বিধানসভা আৰু সংসদৰ মজিয়াতো উত্থাপন কৰা হ'ব বুলি মন্তব্য কৰিছে। ইয়াৰ পিছতে বদৰউদ্দিন আজমলে পোনে পোনে কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাত উপস্থিত হৈ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয় ৷
উল্লেখ্য যে এআইইউ ডিএফৰ সঁজাতি দলটোৱে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ সময়ছোৱাত জিলা উপায়ুক্ত বিবেকানন্দ চৌধুৰী আৰু জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙো বৈঠকখনত উপস্থিত থাকে ৷ প্ৰায় আধাঘন্টা জুৰি চলা উক্ত বৈঠকৰ পিছতেই বদৰ উদ্দিন আজমলে সাংবাদিকৰ আগত বিটিচি অঞ্চলত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ আহ্বান জনাই অতি শীঘ্ৰে প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ হত্যাকাণ্ডটোৰ সৈতে জড়িত থকা দুৰ্ষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি দিয়াৰ আহ্বান জনায়৷
এইক্ষেত্ৰত কোনো দল-সংগঠনে যাতে তদন্তত বাধা দিয়াৰ উদ্দেশ্যৰে অশান্তিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি সকলোকে চোকা দৃষ্টি ৰখাৰ আহ্বান জনাইছে সাংসদ বদৰ উদ্দিন আজমলে ৷ এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুউদ্দিন আজমলৰ সতে বৈঠকৰ পিছতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি আনুষ্ঠানিকভাৱে প্ৰয়াত লাফিকুলৰ পৰিয়াল বৰ্গক দুই লাখ টকাৰ চেক প্ৰদান কৰাৰ লগতে পৰিয়ালৰ দুইজন সদস্য ক্ৰমে মহিদুল ইছলাম আৰু ভগ্নী ৰফিকা খাতুনক ফিক্সড পে চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰে।
ইয়াৰোপৰি হাগ্ৰামা মহিলাৰীয়ে দুষ্কৃতিকাৰীৰ গুলীচালনাত আহত হোৱা শুভংকৰ চক্ৰৱৰ্তীৰ মাতৃৰ হাততো ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে ৷ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ পিছতেই কাইলৈয়ে অৰ্থাৎ ৯ আগষ্টত বিটিচি সচিবালয়ত চাকৰিত যোগদান কৰাৰ বাবেও আহ্বান জনাইছে হাগ্ৰামা মহিলাৰীয়ে ৷ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ পিছতেই হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত লাফিকুল হত্যাকাৰীৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়াৰ বাবে অচিৰেই অসম চৰকাৰৰ সৈতে এক বৈঠকত মিলিত হ'ব আৰু ঘটনাটোৰ তদন্ত কৰিবলৈ চিবিআইক দিয়াৰ বাবে বিপিএফ দলৰ হৈ হেচা প্ৰয়োগ কৰিব বুলি মন্তব্য কৰিছে ৷
আনহাতে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰে ছাত্ৰ নেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক কৰায়ত্ব কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰি অসম চৰকাৰে লাফিকুলৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ সলনি পিছ হুহুকি আহিছে বুলি মন্তব্যৰে এইক্ষেত্ৰত বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক লাফিকুলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক হেঁচা দিবলৈ আহ্বান জনাইছে ছাত্ৰ নেতাগৰাকীয়ে।
অসম চৰকাৰৰ অংশীদাৰ দল হিচাপে বিপিএফে এইক্ষেত্ৰত সৰ্বতোপ্ৰকাৰে হেঁচা দি হলেও লাফিকুল হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবই লাগিব অন্যথা চিবিআইলৈ পত্ৰ প্ৰেৰণ কৰিয়েই অসম চৰকাৰে দায়িত্ব সামৰিব বুলি অভিযোগ কৰে আমছুৰ নেতা গৰাকীয়ে ৷ তদুপৰি ছাত্ৰ নেতা গৰাকীয়ে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধেও সোচ্চাৰ হৈ পৰাই নহয় অতি শীঘ্ৰে আৰক্ষী অধীক্ষক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ চৰকাৰক আহ্বান জনাইছে ৷
ইপিনে লাফিকুল হত্যাকাণ্ডক বেলেগ ফালে লৈ যাবলৈ এটা চক্ৰই ছচিয়েল মাধ্যমযোগে অহৰহ প্ৰচেষ্টা চলোৱা বুলি অভিযোগ কৰিছে এবিএমছুৰ সাধাৰন সম্পাদক শ্বাহকামাল খন্দকাৰে। তেওঁ বিটিচিত অশান্তিৰ সৃষ্টি কৰিবলৈ বিচৰা লোকসকলক চিনাক্ত কৰিবই লাগিব বুলি মত প্ৰকাশ কৰে ৷ সকলো জাতি-জনগোষ্ঠী, ধৰ্ম- বৰ্ণ, ভাষা নিৰ্বিশেষে একত্ৰিত হৈ গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে লাফিকুলৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ বাবে চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰাৰ আহ্বান জনাই ছাত্ৰ নেতাগৰাকীয়ে। প্ৰয়াত লাফিকুলৰ পৰিয়াল বৰ্গৰ দুগৰাকীকৈ সদস্যক চাকৰিত নিযুক্তি দিয়া আৰু হত্যাকাৰীক চিনাক্ত কৰিবৰ বাবে হাগ্ৰামা মহিলাৰীয়ে লোৱা পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰে এবিএমছুৰ সাধাৰণ সম্পাদক শ্বাহকামাল খন্দকাৰে।