কংগ্ৰেছ ৭০ বছৰৰ শত্ৰু, বিজেপি সংবিধানৰ শত্ৰুঃ দৰঙৰবেছিমাৰীত বদৰুদ্দিন আজমল
দৰঙৰবেছিমাৰীত বদৰুদ্দিনৰ সভাত জনসমুদ্ৰ, কংগ্ৰেছ ৭০ বছৰৰ শত্ৰু, বিজেপি সংবিধানৰ শত্ৰু

খাৰুপেটীয়া: সমাগত পঞ্চায়ত নিৰ্বাচনত জন সমৰ্থন আদায়ৰ লক্ষ্যৰে দৰঙৰ দলগাঁৱত বিভিন্ন হাই প্ৰফাইল নেতাই ভিৰ কৰিছে। আজি দলগাঁৱৰ বেছিমাৰীত এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে হেলিকপ্টাৰযোগে চলায় নিৰ্বাচনী প্ৰচাৰ।
দৰং জিলা এ আই ইউ ডি এফৰ সভাপতি হবিবুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত উক্ত সভাত বদৰুদ্দিনে কংগ্ৰেছ আৰু বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয়- কংগ্ৰেছে ৭০ বছৰে মুছলমানৰ লগত গাদ্দাৰি কৰিছে। শৈক্ষিক আৰু অৰ্থনৈতিক ভাবে পিছুৱাই ৰাখিছে। ভয়-ভাবুকিৰে ভোট লৈছে আৰু উপহাৰ দিছে 'ডি' ভোটাৰ, দিছে ডিটেঞ্চন কেম্প, দিছে বিদেশীৰ অপবাদ। সেয়েহে, মুছলমান সকলে এই দলক প্ৰত্যাখ্যান কৰাৰ বিকল্প নাই। আজমলে কংগ্ৰেছক মুছলমানৰ ৭০ বছৰীয়া শত্ৰু আখ্যা দি এন আৰ চি ৰ ক্ষেত্ৰত কংগ্ৰেছৰ অৱদান কি বুলিও প্ৰশ্ন কৰে। ৰাজনৈতিক স্বাৰ্থতে কংগ্ৰেছে ডি ভোটাৰ সমস্যা জীয়াই ৰাখিছে।
ইফালে, বিজেপিয়ে ধৰ্মৰ নামত মুছলমানৰ ওপৰত নিৰ্যাতন চলাইছে। ঘৰ ৱাপচীৰ জৰিয়তে সকলো মুছলমানক হিন্দু ধৰ্মলৈ দীক্ষিত কৰিব বিচাৰিছে। আমি জীৱন গলেও ধৰ্ম, ঈমান ত্যাগ কৰিব নোৱাৰো। শ শ বছৰ ধৰি আমি স্বাধীনোত্তৰ যুগৰ পৰা আমি দেশত আছো। কোনোবাই বেংকক, থাইলেণ্ড, বাংলাদেশ আদিৰ পৰা আহি ৰাজনীতি কৰি আছে। এতিয়া আমাকেই বিদেশী বুলি কয়। তেওঁ আৰু কয়- কিছুমান মুছলমানে কেইটামান টকাৰ লোভত বিজেপিৰ পতাকা লৈ ঘুৰি আছে। ইয়াতকৈ লাজৰ কথা আৰু কি হব পাৰে। এই টকা খোৱাতকৈ ভোকত মৰি যোৱাও উত্তম। সময় থাকোতেই শত্ৰু-মিত্ৰক চিনি থ’বলৈ আহবান জনাই বিজেপি মুছলমানৰ ধৰ্মৰ শত্ৰু বুলি অভিহিত কৰে। বিজেপি, আৰ এছ এছ দেশৰ পৰম শত্ৰু, মহিলা সকলৰ শালীনতাৰ শত্ৰু, সংবিধানৰ শত্ৰু। আজমলে কয়- দুদিন পিছতেই নিৰ্বাচন। কংগ্ৰেছী সকলে ৰাতি গাড়ী লৈ ঘৰে ঘৰে টকা বিলাবলৈ যাব। মহিলা সকলক গাড়ীৰ টায়াৰ পাঙ্কছাৰ কৰি আৰক্ষীক খবৰ দি এসেকা দিবলৈও আহবান জনায়।
তেওঁ অগপ-বিজেপিক এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কয়। আজমলে বিজেপিৰ টকাৰে হেলিকপ্টাৰ উৰাইছে বুলি ৰকিবুলে কৰা অভিযোগ নস্যাৎ কৰি ওলটাই ৰকিবুলে বিজেপিৰ এজেন্ট হিচাপে কংগ্ৰেছত আছে বুলি অভিযোগ কৰে। ইফালে চন্দ্ৰমোহন পাটোৱাৰীৰ অভিযোগৰ প্ৰত্যুত্তৰ দি আজমলে কয়- আমি টকা দি ভোট লব নালাগে। বিজেপি এনেই হাৰিব। হিন্দু-মুছলমান সকলো লোকেই বিজেপিক বয়ক'ট কৰিছে। এইবাৰ স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও নিৰ্বাচনত হাৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । হেলিকপ্টাৰেৰে নিৰ্বাচনী চমক দেখুৱাই ভীৰ জমা কৰা বুলি একাংশলোকে অভিযোগ কৰিলেও মূলত হেলিকপ্টাৰ গুচি যোৱাৰ পিছতো কোনো লোকে সভাস্থলী এৰি যোৱা পৰিলক্ষিত নহ'ল। হিল-দল ভাঙি জনসমুদ্ৰত পৰিণত হয় সভাস্থলী।
আজিৰ সভাই কংগ্ৰেছৰ ভিতৰচৰাত তীব্ৰ জোকাৰণি সৃষ্টি কৰিছে। আজমলে এ আই ইউ ডি এফৰ সকলো প্ৰক্ষেপিত প্ৰাৰ্থীক তলা-চাবিৰ ছবিত ভোট দি কংগ্ৰেছক নিপাত কৰিবলৈ আহবান জনোৱাৰ লগতে কয়- আমি উকিল নিয়োগ কৰিছো। অকল নিৰ্বাচন লৈ ব্যস্ত হৈ নাথাকি সময়মতে এন আৰ চিৰ দাবী-আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰি জমা দিবলৈ অনুৰোধ জনায়। আজিৰ সভাত সৰ্বভাৰতীয় গণতান্ত্ৰিক মৰ্চা চমুকৈ এ আই ইউ ডি এফৰ কেন্দ্ৰীয় সম্পাদক ছাকি-এ কাউছাৰী, সাধাৰণ সম্পাদক মজিবুৰ ৰহমান, বেছিমাৰী জিলা পৰিষদৰ প্ৰাৰ্থী ৰফিকুল ইছলাম সহ আন বহুতো নেতা উপস্থিত থাকে।
ফখৰুল ইছলাম,খাৰুপেটীয়া