23
Jul
2017

মোৰাঝাৰঃ ৰাজ্যৰ বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানে বানত সকলো হেৰোৱা লোকসকলক সহায় আগবঢ়াই আহিছে৷ এইবাৰ বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰিলে আজমল চি এছ আৰৰ অধীনৰ মৰ্কজুল মা'আৰিফ আৰু আজমল ফাউণ্ডেছনে৷
ৰাজ্যিক জমিয়ত উলেমাৰ সহযোগত দুয়োটা সংস্থাই উজনি অসমৰ আঁঠখন জিলাৰ ৫ হাজাৰ বানপীড়িতক চাউল, দাইল, নিমখ আদি বিতৰণ কৰে৷
মৰ্কজৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ মুৰব্বী দেৱান আব্দুল আলিম চৌধুৰীৰ নেতৃত্বত উজনি অসমৰ বান পীড়িত শিৱসাগৰ, গোলাঘাট, যোৰহাট, লখিমপুৰ, ডিব্ৰুগড় আদি জিলাত চাউল, ডাইল আৰু নিমখ বিতৰণ কৰে৷
উজনি অসমৰ পিছত আজমল চিএছআৰৰ অধীনস্থ মৰ্কজুল মা'আৰিফে নামনি অসমতো বান সাহায্য বিতৰণ অভিযান আৰম্ভ কৰিছে৷