
জোনাইঃ চৰকাৰৰ জনবিৰোধী নীতি তথা ৰাজ্যত প্ৰতিটো সমস্যাৰ হকে মাত মাতি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ভাতৃ সংগঠন কৃষক পৰিষদ আৰু ভগ্নী সংগঠন মহিলা পৰিষদক শক্তিশালি কৰিবৰ বাবে ভিন্ন আঞ্চলিক সমিতি সমূহ গঠন কৰি আহিছে৷
অসমত দ্বি নাগৰিকৰত্ব ব্যৱস্থা প্ৰৱৰ্ত্তন কৰা, পূৰ্ণ স্বায়ত্ব শাসন, আন্তঃৰাজ্যিক পাৰ পত্ৰ দিয়াৰ দাবীত সংগ্ৰাম কৰি অহা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ জোনাই আঞ্চলিক সমিতিৰ আজি এখন সভা অনুষ্ঠিত হৈ যায়৷
সংগঠনটোৰ জোনাইৰ নিজ কাৰ্যালয়ত অনুষ্ঠিত সভাত সৰ্ব সন্মতি ক্ৰমে প্ৰণিতা কোঁচক সভানেত্ৰী আৰু জোনালী কোঁৱৰক সম্পাদিকা হিচাপে লৈ ২৯ জনীয়া জোনাই আঞ্চলিক মহিলা পৰিষদৰ সমিতি গঠন কৰা হয়। সভাত সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি নীল গগৈ, সাংগঠনিক সম্পাদক জ্ঞান শৰ্মা আৰু জোনই আঞ্চলিকৰ উপদেষ্টা অমিত কুম্বাং উপস্থিত থাক।