নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জামুগুৰিত থকা অসম গণ পৰিষদৰ নিৰ্বাচনী কাৰ্যালয়ত কালি নিশা দুৰ্বৃত্তই তাণ্ডৱ চলায়। অগপৰ ১০ নং হাতীচোং জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ নিৰ্বাচনী মুখ্য কাৰ্যলয়ত নিশা তাণ্ডৱ চলাই দুৰ্বৃত্তই বেনাৰ, পোষ্টাৰ ফালি পেলোৱাৰ বিপৰীতে চকী মেজ আদি ভাঙি লণ্ডভণ্ড কৰে। 

অগপৰ প্ৰাৰ্থীগৰাকীৰ উত্থানত শংকিত হৈ তেওঁৰ বিপৰীতে নিৰ্বাচনত অৱৰ্তীণ হোৱা আন দলৰ প্ৰাৰ্থীৰ উদণ্ড কৰ্মীয়ে এই ঘৃনণীয় কাণ্ড সংঘটিত কৰিছে বুলি অগপৰ কৰ্মীসকলে অভিযোগ তুলিছে। ইফালে, ঘটনা সম্পর্কে স্থানীয় জাজৰি থানাৰ আৰক্ষীক জনোৱাৰ পাছতো আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভিত হৈ পৰিছে অসম গণ পৰিষদৰ কৰ্মী সকল।

উল্লেখ্য যে, এইবাৰ নিৰ্বাচনত হাতীচোং জিলা পৰিষদৰ বাবে অগপৰ লগতে শাসকীয় বি জে পি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে৷ বৰ্তমান অগপৰ প্ৰাৰ্থী অৱন্তী দেৱীৰ প্ৰচাৰ অভিযানত আন দলৰ প্ৰাৰ্থীৰ তুলনাত তুংগত উঠাৰ বিপৰীতে ৰাইজৰ আস্থা আদায় কৰিবলৈ সক্ষম হৈছে৷