
newsnextone.com | মঙলদৈঃ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যত আজিও প্ৰতিবাদ অব্যাহত আছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক সংশোধন কৰি কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও সংগঠনৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মঙলবাৰেও সংগঠনটোৱে ৰাজ্যৰ কেইবা ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে৷
নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি আৰু অসমৰ পৰা হিন্দু-মুছলমান উভয় বিদেশীক বিতাড়ণ কৰাৰ দাবী জনাই মঙলবাৰে দৰং জিলাৰ সদৰ মঙলদৈত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
মঙলদৈ চহৰত বৃহৎ সমদল উলিয়াই ৰাজপথ কঁপাই তোলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ দৰং জিলা সমিতিয়ে৷ অসমীয়া যুৱ মঞ্চ, দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত কেইবাশতাধিক লোকে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিবেশ৷
মঙলদৈ বিদ্যাপীঠ হাইস্কুলৰ পৰা উলিওৱ সমদল মঙলদৈ চহৰ পৰিভ্ৰমণ কৰে৷ বিভিন্ন স্কুল-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, সচেতন নাগৰিক, প্ৰাক্তন ছাত্ৰ নেতাই অংশ লোৱা সমদল মঙলদৈ সনাতন মন্দিৰ প্ৰাংগণত সামৰণি পৰে। প্ৰতিবাদী কাৰ্যসূচীত চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে পৰিণতি ভয়াবহ হ’ব বুলি চৰকাৰক সকীয়াই দিয়ে।
বিজেপি বিধায়ক শিলাদিত্য দেৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আন্দোলন কৰা লোকসকলক বাংলাদেশী মুছলমান বুলি মন্তব্য প্ৰকাশ কৰা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিয়ে।