চাবুৱাঃ বুধবাৰে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ বাতিল কৰাৰ দাবীত অনশন কাৰ্যসূচী পালন কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিখন জিলা সমিতিয়ে নিজ নিজ জিলাৰ সদৰত বুধবাৰে পুৱাৰে পৰা অনশনত বহি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ 

উজনি-নামনিৰ প্ৰতিখন জিলাৰ সদৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী, মহিলা নেত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধায়ক-২০১৬ মানি লোৱা নহ'ব বুলি কয়৷ 

ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, গোৱালপাৰা, লখিমপুৰ, মঙলদৈ, গুৱাহাটী মহানগৰ, শিৱসাগৰ আদি জিলাত পুৱাৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰাইদেউ জিলাত পালন কৰা অনশন কাযসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সম্পাদক পলাশ চাংমাই উপস্থিত থাকি অসমৰ প্ৰতিটো জাতীয় সংগঠনে সংকটৰ মুহূৰ্তত এতত্ৰিত হৈ প্ৰতিবাদ কৰি যোৱাৰ পোষকতা কৰে৷

চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ থাকিল জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অসমৰ সকলো জাতীয় সংগঠনক লৈ প্ৰতিবাদ কৰি যাম বুলি কয়৷ খিলঞ্জীয়াৰ জীৱনলৈ সংশয়ৰ ভাৱনা আনিব পৰা যিকোনো কাৰ্যক অসমৰ ৰাইজে মষিমুৰ কৰিব লাগিব বুলি কৈ চৰকাৰে যাতে কোনো কাৰণতে খিলঞ্জীয়াক বিপদাপন্ন কৰিব নোৱাৰে তাৰ বাবে এক হৈ থিয় দিবলৈ অসম বাসীক আহ্বান জনায় পলাশ চাংমাই৷