চৰাইদেউঃ অসমৰ জাতীয় উদ্যোগ প্ৰতিষ্ঠান হিচাপে চিহ্নিত আৰু নৱৰত্নৰ স্বীকৃতি প্ৰাপ্ত অইল ইণ্ডিয়া লিমিটেডক আই.অ.চি ৰ সতে চামিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে শেহতীয়াকৈ যি প্ৰস্তুতি চলাইছে তাৰ তীব্ৰ গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে প্ৰধানমন্ত্ৰীৰ বৃহৎ তৈল উদ্যোগ গঢ়াৰ সপোনত হাজাৰ হাজাৰ অসমীয়া লোকৰ জীৱিকা আৰু আশা ভৰসাৰ থল তথা অসমবাসীৰ আৱেগ-অনুভূতি বিজড়িত অইল ইণ্ডিয়া লিমিটেডক আই.অ.চি ৰ সৈতে চামিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা পদক্ষেপ অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে বৃহৎ তৈল উদ্যোগ গঢ়ি আন্তঃৰাষ্ট্ৰীয় তৈল বজাৰ নিবিদাত ভাগ লোৱাৰ উদ্দেশ্য দেশৰ বিভিন্ন তৈল উদ্যোগ প্ৰতিষ্ঠান একত্ৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ এই নীতিৰ ফলত আই.অ.চি য়ে অইল ইণ্ডিয়া লিমিটেডৰ ৬৬.১৩ শতাংশ অংশীদাৰী ক্ৰয় কৰিব। ইয়াৰ ফলত ১৯৫৮ চনত গঠিত ভাৰত চৰকাৰৰ ৰাজহুৱা খণ্ডৰ স্বতন্ত্ৰ উদ্যোগ অইল অইল ইণ্ডিয়া লিমিটেড কাৰ্য্যত নিজ মূলধনতকৈ ৯০ শতাংশ বৃহৎ প্ৰতিষ্ঠান আই.অ.চি ৰ সম্পূৰ্ণ  অধীন হৈ পৰিব আৰু অইল ইণ্ডিয়াৰ স্বতন্ত্ৰতা লোপ পাব।

লগে লগে অইল ইণ্ডিয়াৰ বৰ্তমানৰ দুলীয়াজানস্থিত মূখ্য কাৰ্য্যালয় মাথো এটা শাখা কাৰ্য্যালয়লৈ পৰ্য্যবসিত হ'ব। অানহাতে তৈল প্ৰতিষ্ঠানৰ সকলো প্ৰশাসনিক কাম-কাজৰ লগতে নিয়োগ, কৰ্প'ৰেট ছ'চিয়েল ৰেছপনছিবিলিটি অৰ্থাৎ সামাজিক দায়ৱদ্ধতাৰ অধীনত কৰা উন্নয়নমূলক কামসমূহো দিল্লীৰ পৰা নিয়ন্ত্ৰণ হ'ব।

তাৎপৰ্যপূৰ্ণ বিষয় এই যে সুদীৰ্ঘ পঞ্চাশ বছৰীয়া অইল ইণ্ডিয়াৰ ইতিহাসত প্ৰতিষ্ঠানটোৱে সামাজিক দায়ৱদ্ধতাৰ অধীনত অইল প্ৰভান্বিত এলেকাৰ লগতে অন্য অঞ্চলতো বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰি আহিছে । লগতে ইয়াৰ মূখ্য কাৰ্য্যালয় দুলীয়াজানত থকা হেতুকে প্ৰতিষ্ঠানটোত নিয়োগ, ঠিকা-ঠুকুলি আদিৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে অসমৰ হেজাৰ হেজাৰ নিৱনুৱা যুৱক-যুৱতী উপকৃত হৈছিল।

কেন্দ্ৰীয় চৰকাৰে অইল ইণ্ডিয়াৰ আই.অ.চি ত চামিল কৰণৰ সিদ্ধান্ত কাৰ্য্যকৰী হ'লে ইয়াৰ পৰা অসমীয়া ৰাইজৰ সৰ্বোতোপ্ৰকাৰে ক্ষতিগ্ৰস্ত হ'ব বুলি মন্তব্য কৰে সংগঠনটোৱে। যুৱ-ছাত্ৰ পৰিষদে কেন্দ্ৰীয় চৰকাৰৰ এই অসম বিৰোধী হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি পৰিষদৰ সংশ্লিষ্ট জিলা সমিতি সমূহে দাহ কৰে।

পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰঞ্জিত চাংমাই, প্ৰচাৰ সম্পাদক কণ গগৈ, কাৰ্য্যনিৰ্বাহক দিগন্ত গগৈয়ে নেতৃত্ব দিয়া কাৰ্য্যসূচীৰ অন্তত কেন্দ্ৰীয় চৰকাৰক অনতবিলম্বে অসম বিৰোধী এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনায় । অন্যথা পৰিষদে ইয়াৰ বিৰুদ্ধে অনাগত দিনত অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ দিয়ে।